এৰি অহা দিনবোৰ•দানিয়েল ওৰাং

Rinku Rajowar
0
প্রথম পুৱাৰ এজাক সপোনৰ
মাজেৰে টোপনি ভঙাৰ লগে লগে.......... 
এল. পি স্কুলত কৰা স্মৃতি মনলৈ আহে
এয়া যে সৰু সৰু মোনাত
এখন চিলড-চক্ কে ধৰি 
মোনাত ভৰাই নিয়া সময়খিনি .......
ৰাস্তাৰ কাষে কাষে থকা 
সৰু কাটা পাতখনত কিবা কিবি দি 
পান বনাই খোৱা.......
ৰাস্তাই ৰাস্তাই মুখখন ৰঙা কৰি 
পিক পেলোৱা সময়খিনি....... 
প্রার্থনাৰ সময়ত ঠেলা-হেঁচা কৰা 
মহৎ লোকৰ বাণী
মন নিদি শুনা......
শ্ৰেণী কোঠাত ছাৰে পঢ়োৱা
বিষয়ত মন নিদি ঘৰলৈ 
গৈ কি কৰিম আজি ?
 ৰামু বুঢ়াহতঁৰ বাৰীত আম খাবলৈ যাম 
ভাবি থকা সময়খিনি..........
পানী খোৱা ছুটি দিয়াৰ 
লগে লগে খিচিৰি ভাত।।
খাবলৈ ঠেলা হেঁচা কৰা.......
এক দু টকা বাজি লগাই 
টেঙা বলেৰে ফুটবল খেলা সময়খিনি.......
ঘৰ আহি পোৱাৰ লগে লগে 
বেগটো যতে-ততে দলিয়াই 
নদীত গা ধুবলৈ যোৱা......
চকু দুযোৰ ৰংঙা কৰি আহি 
ঘৰত দেউতাৰ দু-বেত মাৰ খোৱা সময়খিনি.........
এই দিনবোৰনো আৰু কি দিন 
একো পঢ়া- শুনাৰ চিন্তা নাছিল।
সংসাৰত চলি থকা ভাব- আদৰ্শ চিন্তা নাছিল 
জীৱনৰ মূল্যৱান সম্পত্তিৰ দৰে এইদিনবোৰ আছিল।
কিয়নো আকৌ........
এই জীৱনলৈ উভতি যাব মন যায়।
      
✍️শ্রীদানিয়েল ওৰাং
জিলা - ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)