এটি আধৰুৱা কবিতা আপোনাৰ নামত
নাই নাই.. ! কবিতা ঠিক নহয়
শব্দবোৰ খেলি মেলি হৈ আছে
ছন্দবোৰো জঁট বান্ধিছে
সামৰি থলোঁ এনেকৈয়ে..
আজি আকৌ লিখিবলৈ বহিছোঁ
তর্ক-যুদ্ধ হৈছে
মোৰ আৰু কলমৰ
হৃদয়ৰ পৰা নিগৰিত হোৱা শব্দবোৰ
আজি চোন সেমেকা
ডায়েৰীৰ পাতখিলাও সেমেকিছে
ৰঙা চিয়াঁহীৰ টোপালবোৰ
প্রেম নহৈ যেন তেজ হৈ নিগৰিছে
থাকক দিয়ক এনেকৈয়ে ...
আপোনাৰ নামত অসম্পূৰ্ণ কবিতাটো..
মনৰ আকাশত তেওঁৰ
ছবিখন আকিম বুলি
এয়া ৰং তুলিকা হাতত লৈছোঁ
ৰংবোৰেও সংগ দিব খোজা নাই
ৰংবোৰ যেন ক্ৰমশঃ নীলা হৈ পৰিছে
চাৰিওফালে নীলা..
উফ্ ! কি অসহ্যকৰ
এই নীলাখিনি ...
তথাপিওঁ সেই নীলাখিনি বুটলি লৈ সামৰি থলোঁ আপোনাৰ নামৰ আধৰুৱা ছবিখন..
অবুজন এই প্রেমাসক্ত মন..
অবুজন হৃদয়ো..
অবুজ হৃদয়ক যন্ত্ৰচালিত ৰূপ দিবলৈ
মইজনী যে অসমর্থ
কেনেকৈনো বুজাওঁ ..
আপুনিজনেই যে মোৰ বাবে আধৰুৱা
সেইবাবেই আজিও আধৰুৱা
ডায়েৰীৰ সেই বিশেষ পৃষ্ঠাটো আৰু তাত থকা সেই শব্দ.... এটি কবিতা....,আৰু
সেই ছবিখন ...!
✍️জুপিতৰা দাস
জিলা- বাক্সা, চমুৱা গাতি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ