গণতন্ত্ৰত গণমতৰ প্ৰয়োজনীয়তা•বন্তী দত্ত

Rinku Rajowar
0
'গণতন্ত্ৰ' শব্দটো হৈছে ইংৰাজী 'Democracy' শব্দৰ অসমীয়া সমাৰ্থক শব্দ। ইংৰাজী ভাষাৰ 'Democracy' শব্দটো গ্ৰীক ভাষাৰ 'Demos' আৰু 'Kratia' শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। গ্ৰীক ভাষাত 'Demos' মানে জনসাধাৰণ আৰু 'Kratia' মানে শাসন। অৰ্থাৎ 'Democracy' বা  'গণতন্ত্ৰ' মানে হৈছে - জনসাধাৰণৰ শাসন।
      গণতন্ত্ৰ সদায় গণমতৰ ওপৰত বৰ্তি থাকে। গণতন্ত্ৰত যিহেতু জনসাধাৰনেই মুখ্য ভূমিকা পালন কৰে সেয়েহে গণতন্ত্ৰত জনমত বা গণমত গঠন আৰু প্ৰকাশ অতিকৈ প্ৰয়োজনীয়। গণতন্ত্ৰত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ মতাদৰ্শ তথা মতবাদ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জনগণৰ মতামত লোৱাটো বাঞ্চনীয়।
       গণতন্ত্ৰত জনমত বা গণমত মানে হৈছে  সাধাৰণতে সমাজৰ সামূহিক বা সামগ্ৰিক কল্যাণৰ বাবে অধিকাংশ লোকে গ্ৰহণ কৰা এক নিৰপেক্ষ মতামত। এইয়া সকলোৰে উমৈহতীয়া মতামত বা এচাম মুষ্টিমেয় জ্ঞানী - বিদ্বান লোকৰ মতামতো হব পাৰে। জনমত প্ৰকাশৰ বিভিন্ন কৌশল আছে। যেনে:- 
(১) বাতৰি কাকত:- বাতৰি কাকতত সমাজৰ বিদ্বান তথা বৌদ্ধিক ব্যক্তি বিশেষৰ চিন্তাধাৰা প্ৰকাশিত হয়। বাতৰি কাকত পঢ়ি বিভিন্নজনে সাম্প্ৰতিক ঘটনাৱলীৰ ওপৰত নিৰপেক্ষ তথা ব্যক্তিগত মন্তব্য আগবঢ়াই। এনেদৰে জনমত গঢ়ি উঠে।
(২) ৰাজহুৱা সভা-সমিতি:- সমাজৰ যিকোনো সভা-সমিতিত উপস্থিত থকা লোকৰ মাজত শিক্ষিত তথা বৌদ্ধিক জ্ঞানেৰে সমৃদ্ধ যিকোনো ব্যক্তিয়ে বক্তৃতাৰ জৰিয়তে দিয়া মতামত
ৰ পৰা বক্তৃতা শুনি লিখিব পঢ়িব নজনা মানুহকো যিকোনো বিষয় বুজি পোৱাত সহায় কৰে আৰু জনমত গঠনত সহায় কৰে।
(৩)শিক্ষানুষ্ঠান:- বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত অনুষ্ঠিত কৰা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীৰ জনমত লব পাৰি।
(৪)দূৰদৰ্শন কেন্দ্ৰসমূহ:- দৈনন্দিন ঘটনাৰ উপৰিও বিভিন্ন ধৰণৰ টক্ শ্বো বিলাকেও বিভিন্নজনৰ মতামত প্ৰকাশ কৰাত সহায় কৰাৰ লগতে সেইবোৰ চাই জনমত গঠন কৰাটো সহায় কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)