মই এটি মুক্ত পক্ষী
যাৰ নাই কোনো আশ্ৰয়,
আছে কেৱল শূন্যতাৰ আকাশখন
চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ।
জোনাকৰ নিশাবোৰত মই
জোনাকী পথৰ পৰী।
তোমাৰ জীৱনতো পোহৰ বিলাম,
জোনাকী পৰীজনী হৈ..
এবাৰ বিছাৰিতো চোৱা মোক।
শৰতৰ সন্ধিয়াবোৰত মই
নিয়ৰৰ টোপাল,
আশ্ৰয় মোৰ দুবৰি।
শেৱালী হৈ সুবাস বিলাওঁ
চৌদিশ মুখৰিত কৰি।
যদি পোৱা সেই সুবাস আহিবা তুমি,
শীত হৈ চুম্বন কৰিম তোমাৰ দুগাল।
ফাগুনত আহিম মই
পছোৱা হৈ বসন্তৰ জাননী লৈ।
অজস্ৰ ৰঙেৰে বোলাম তোমাৰ দেহ,
বেয়া নাপাবা তুমি
বৰদৈচিলা হৈ ধ্বংসি যাম সকলো।
কাৰণ মই মুক্ত পক্ষী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ