শেষ•হীৰামণি দহোটীয়া

Rinku Rajowar
0
শেষ বুলিলে ...... 
সকলো শেষ কৰি দিব পাৰি জানো? 

প্রতিশ্রুতিবদ্ধ হৈ সম্পর্ক এটি গঢ়ি
নিমিত্তে শেষ বুলিলে
শেষ কৰিব পাৰি জানো? 

ভালপোৱাৰ পাঠ পঢ়াই
ভালপোৱা নাই বুলিলে
মানি ল'ব পাৰি  জানো? 


সদায় জোনাক হৈ কাষত
 থিয় দিয়াৰ কথা দি 
আন্ধাৰে ভৰাই পেলোৱা কথাটো
মানি ল'ব পাৰি জানো? 

বিপৰীত জনৰ কিমান বিষাদেৰে ভৰপূৰ হ'ব পাৰে
তাৰো ভাবিবলৈ আজৰি নোহোৱা হ'ল। 

বুজি পোৱা জনে বুজি পায়
আজীৱন কেৱল এজনক 
হৃদয় 
উজাৰি ভাল পোৱাৰ বেদনা ।


✍️হীৰামণি দহোটীয়া 
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)