সাহসৰ আন এক নাম পৰিচয়•সংযুক্তা দত্ত

Rinku Rajowar
0
সাহসৰ আন এটা নাম -পৰিচয়। সাহসৰ দ্বাৰাহে মানুহে পৰিচয় লাভ কৰে । এজন সাহসী মানুহৰ সান্নিধ্যত আন দহজন  সাহসী মানুহে স্থিতি লাভ কৰে ।  যিকোনো এটা কাম কৰিবলৈ  প্ৰথমে আমাক  সাহস লাগিব সাহস থাকিলেহে আমি যিকোনো কাম সহজে কৰিব পাৰোঁ। সাহস মানে হ'ল - এক সংগ্ৰাম । যি সংগ্ৰাম সদায় নিজৰ লগত সাহসেৰে কৰা হয়। সাহস ক'ৰ পৰা আহে ? কেনেকৈ  আহে? কেতিয়া আহে ?  সেয়া কোনেও নাজানে । মাত্ৰ নিজৰ ওপৰত থকা বিশ্বাসেই মানুহৰ সাহস হৈ পৰে । মানুহক সাহস লাগে -  কথা পাতিবলৈ, কাম কৰিবলৈ , কথা ক'বলৈ , ধৈৰ্য্য ধৰিবলৈ, আৰু সৎ পথত থাকিবলৈ। সৎ আৰু সাহসী ব্যক্তি জনে যেনেদৰে কথা ক'বলৈ ভয় নকৰে । ঠিক তেনেদৰে কাম কৰিবলৈও ভয় নকৰে । গতিকে তেওঁ সাহসেই তেওঁ পৰিচয় ।

                   ✍🏻 সংযুক্তা দত্ত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)