হেৰুৱা বন্ধু•দানিয়েল ওৰাং

Rinku Rajowar
0
আমি চাৰি বন্ধু আছিলোঁ
      চাৰি দিশ বিচাৰি
কেতিয়া দিশহাৰা হ'লো গমেই নাপালো।
           সি উত্তৰলৈ গ'ল 
তুমি দক্ষিণলৈ গ'লা,তই পূৱলৈ গলি
          মই পশ্চিম দিশত আছিলোঁ 
        অ মোৰ হেৰুৱা বন্ধু .....
     পিয়নমামা সূৰ্য্য দাৰ হাতত
      দি পঠিওৱা তোৰ চিঠিখন 
                 সদায় পাওঁ। 
                 ভাল লাগে...... 
তোমাৰ জীৱনত ঘটি থকা কথাবোৰ পঢ়ি।
  সদায় তোৰ চিঠিখনলৈ বাট চাই থাকো
সূৰ্য্য মামা নহা দিনা ,ডাৱৰ দাদাকে চিঞৰোঁ
        ডাৱৰ দাদাই আকৌ মোক নামাতে 
                  মই হেনো নিষ্ঠুৰ...
               বন্ধুৰ নামত কলংক।
              দাদাক যেতিয়াই  সোধে
             মোৰ বন্ধুৰ খবৰ কি?  
             দাদাই তেতিয়াই মোলৈ 
         মাঁথো এমুঠি বৰষুণ এৰি দিয়ে।
এইয়া বাৰু তোৰ চকুলোঁ নি মোৰ বন্ধু ? 
        তোৰ চিঠিৰ উত্তৰত লিখিলো 
            মইও হাজাৰ চিঠি।
সূৰ্য্য মামা আকৌ পূৱৰ পৰা পশ্চিমলৈ হে আহে
           উভতি হেনো নাযায় ,কি কৰো ক? 
        দুৰ্ভগীয়া তোৰ এই  পশ্চিমমুখী  বন্ধু........
                                                                       
✍️শ্রীদানিয়েল ওৰাং
জিলা - ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)