ইলেকট্ৰনিক মাধ্যম ম'বাইল•ঋতৃষ্ণা ডেকা

@admin
0
পৰিৱৰ্তনশীল সময়,লগতে সময়ৰ সোঁতত পৰিৱৰ্তিত ৰূপত আমিবোৰ ,আমাৰ সমাজ,লগতে সমগ্ৰ পৃথিৱী কিন্তু বৰ্তমান সময়ত সময়কো যেন আমি প্রত্যাহ্বান জনাইছোঁ, আৰু ম'বাইলৰ দৰে ইলেকট্ৰনিক যন্ত্ৰক আগ স্থান দিছোঁ।কোৱা হয় যে অভাৱেই আৱিষ্কাৰৰ মূল গতিকে ম'বাইলটো আৱিষ্কাৰ হোৱাটো একোৱেই বেয়া কথা হোৱা নাছিল, আনকি সেই সময়ত বিজ্ঞানীসকলে কল্পনাও কৰা নাছিল যে এই ম'বাইলে কেতিয়াবা মানুহৰ বাবে বিপদ কঢ়িয়াই আনিব, এটা এটা প্ৰজন্মৰ শেষ কৰি পেলাব।ডাৰউইনে কৈছিল " বিজ্ঞানে মানুহৰ চিন্তা শক্তি এনেভাবে বৃদ্ধি কৰিছে আৰু শাৰীৰিক শ্ৰম এনেভাৱে কমাই তুলিছে যে এসময়ত মগজুৰ বৃদ্ধি হৈ মানুহৰ মূৰটো ডাঙৰ হৈ পৰিব আৰু হাত ভৰিৰ চালনা নোহোৱাৰ বাবে চিঁয়া হৈ কেঙেৰুৰ আগ ঠেং দুখনৰ দৰে হ'ব গৈ আৰু শেষত মানুহটো হৈ পঢ়িব কুষ্মাণ্ড সদৃশ" এই কথাষাৰ সম্পূৰ্ণ সত্যলৈ ৰূপান্তৰ হৈছে কাৰণ মানুহে দিনে নিশাই কেৱল ম'বাইলটোৰ সৈতে জড়িত, ল'ৰা-ছোৱালীয়ে ভাত খাবলৈ বিচৰা নাই হাতত ম'বাইলটো তুলি দিছে, তেওঁলোকৰ লগত সময় কটাব পৰা নাই হাতত ম'বাইলটো দি নিজৰ দায়িত্ব সামৰিছে, ভিডিঅ' গেম,অশ্লীল ফটো, ভিডিঅ' ই সম্পূৰ্ণ কৈ এটা প্ৰজন্মক ধ্বংস কৰি যে পেলাইছে এই কথা আমি নুই কৰিব নোৱাৰোঁ।
আমি সকলোৱে জ্ঞাত যে প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশেই আছে আমি বেয়া খিনি ত্যাগ কৰি ভাল খিনি লৈ আগুৱাই গ'লেই চোন হয়।কিছুমানে‌ ম'বাইল ৰ পৰা জ্ঞান আহৰণ কৰিছে,নজনা কথা জানিব পাৰিছে ,সম্পৰ্কীয় লোক দূৰত আছে ফোন এটা কৰিছোঁ কম সময়তেই তেওঁলোকৰ খবৰ পাইছোঁ, 
ফেচবুক , ইনষ্ট্ৰাগ্ৰামত মনৰ ভাব প্ৰকাশ কৰিছোঁ মুঠতে এই ম'বাইলটোৱে আমাক বিভিন্ন ধৰণে সহায় কৰিছে,বৰ্তমান ই আমাৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ আহিলা যিয়ে আমাক পৃথিৱী দেখাৰ সুযোগ দিছে,যদিহে আমি বেয়াবোৰ ত্যাগ কৰি ইয়াৰ ভাল গুণবোৰেৰে আগুৱাই যাব পাৰোঁ তেন্তে সাৰ্থক আমাৰ মানৱ জীৱন আৰু জীৱন জীয়াৰ পথো হ'ব মসৃণ।।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)