মৃত্যুৱে ৰিঙিয়াই মাতে অজান মুলুকত
মৃত্যুৱে থমকি ৰয় তোমাৰ হেপাঁহত ৷
ধনৰ লালসাত ঘূৰি ফুৰা লুভীয়া,
পাপী মনৰ এজাক পিপাসুৱে বিচাৰি ফুৰে
শোষিত,লুভিত,প্ৰলোভনৰ জকমকীয়া পোচাক ৷
মৰাক মাৰি ঠগাক ঠগি
দুখীয়াৰ পেটৰ ভাত কাঢ়ি খোৱা জাক
মৰমৰ চেনেহৰ বান্ধোন,আই বোপাইক নিচিনাৰ জাক
দেখাক দেখি হহাঁৰ জাক,যোৱাক দেখি যোৱা জাক
এইখন ছবিয়ে চকুত চানি ধৰে বাট
মাথোঁ,তুমি আছা বাবেই পৃথিৱী ধুনীয়া
তোমাৰ অবিহনে জীৱন মৰীচিকা ৷
ক’ত নো আছে লুকাই ধুনীয়া পৃথিৱী
আপোন মানুহৰ হেপাঁহৰ হাঁহি
সকলো আপোন হাঁহি,
মনৰ ভিতৰত একো একোটি স্বাৰ্থপৰ কাঁইটীয়া পাহি
মৰহিযোৱা মোৰ মনৰ পাহি
নুঠে আৰু ফুলি ৷
নাপাবা বিছাৰি ফুল জোনাকৰে
ফুলা কলিটি মৰহালে বৰষুণে।
আপোন বুলি আছে কিতোনো
মানুহে গোঁঠা মায়াৰ জাল অস্বতন্ত্ৰ হয়
নিদ্ৰাতেই শেষ হয় হাজাৰটা সপোন
ঠিকনা বিহীন মনৰ দাপোণ
কোন কাৰ আপোন ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ