অনুভৱ-দিৱ্যজ্যোতি মালো

@admin
0
এই বিশাল পৃথিৱীৰ
  জন মানৱৰ মাজত মই
    হেৰাই গ'লে তুমি বাৰু মোক
      কেতিয়াবা বিচাৰি উলিয়াবানে?

নৈৰ পাৰত বহা
  মনত থকা প্ৰেমৰ কথা
    ক'বলৈ বাৰু তুমি আকৌ
      আগৰ দৰে হেঁপাহৰ পুৰোযাত্ৰী হʼবানে?

অনুভৱী হিয়া মোৰ
  তোমাক মাথোঁ বিচাৰে
    তুমি জানোঁ মোক বিহীন
      আধৰুৱা জীৱন অনুভৱ কৰানে?



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)