সম্পাদকীয়•পঞ্চম বৰ্ষৰ তৃতীয় সংখ্যা

Rinku Rajowar
0
ফাগুন ফুলীয়া অভিবাদন সকলোলৈ। জীৱনৰ মুখ্য পৃষ্ঠাত একাষৰীয়াকৈ থোৱা "নতুন অভিজ্ঞতা"ৰ শিতানটোৰ সাঁফৰখন খুলি সম্পাদকীয় লিখাৰ প্ৰথমটো অভিজ্ঞতা সামৰিবলৈ বুলি কলম কামুৰি ভাবি আছোঁ। শব্দৰ ভৰাঁল একেবাৰে খৰাং। সেয়ে শব্দৰ যাদুৰে আপোনাসৱক বান্ধি পেলোৱাৰ শকতি হয়তো নাই। তথাপি মনৰ পুখুৰীত চপিয়াই চপিয়াই শব্দ বিচাৰি ফুৰোঁতে সুগন্ধি পখিলাৰ কবিগৰাকীৰ কবিতা এটা প্ৰথমে জাকৈত উঠিল।
       শুকান বতাহজাকে
      পাতবোৰ উৰুৱাই নিয়ে।
       ৰাংঢালি চৰাইবোৰ
      গছৰ ডালত পৰি নাচে,
       জুনুকাৰ জুনজুননিত
       সাৰ পায় কুঁহিপাতে।

    শিমলুৰ সৌ ৰঙা পাহিত 
   তুমি আহি মাৰিলা হাঁহি।
   হাঁহি নে বাঁহীৰ খলখলনিত
   উৰি গুচি গল এজোলা তুলা,
   দুপৰৰ এই বননিত তুমি বাৰু
   কেলেই এনেকৈ শুলা?
                 ....... । (ফাগুনৰ গান)
        
       এৰাহ! এয়াই ফাগুন। শীতৰ জাৰে ঠৰঙা কৰা বৃক্ষৰ শুকান ডালবোৰত জুই লগোৱা, গছৰ পাতে আত্মহত্যা কৰি সৰাপাত নাম লোৱা, দৌল উৎসৱৰ বাবে ডিঙি মেলি ৰৈ থকা, চঞ্চলা, উতলা, উদাসীন এই ফাগুন শীত ঋতুৰ সন্তান। 
       সেইদিনা ফাগুনৰ এনে এটি আবেলিত বৰদৈচিলাই ভুমুকি মাৰিছিল, লগত আনিছিল পাতলীয়া শিলাবৃষ্টি। দৌৰি দৌৰি বগা মৰম লগা শিলগুটি কেইটা বুটলি আনি চুই চালোঁ। স্মৃতিৰ বোকোচাত উঠি নষ্টালজিক হৈ পৰিলোঁ। যিটো বয়সত আমি শিল বৰষুণৰ পিছত শিল বুটলি দৌৰি ফুৰিছিলোঁ, গছৰ পাতৰ পাংখা বনাই ফিৰফিৰীয়া বতাহত ল'ৰ মাৰিছিলোঁ, শিমলু ফুলৰ পৰা গাড়ী সাজি খেলিছিলোঁ তেনে বয়সৰ এচাম ল'ৰা ছোৱালী আজি বীভৎস ভংগীমাত অসংযত পোছাকেৰে সামাজিক মাধ্যমত উৰি ফুৰাত ব্যস্ত। আজিৰ সমাজ আগৰ দৰে নহয়। অভিভাৱকৰ দায়িত্ব গধুৰ। সন্তানক নৈতিকতা, মানৱতাৰ জ্ঞান দিয়াৰ লগতে আত্মসুৰক্ষাৰ শিক্ষা দিয়াও জৰুৰী হৈ পৰিছে।
       মনৰ মাজত গুজৰি গুমৰি থকা কথাবোৰ এনেধৰণৰ.....
"মানুহবোৰ বাৰু সঁচা অৰ্থত মানুহ হৈ আছে নে!"  
" কিমান অমানুহ হ'লে এগৰাকী বিদেশী আলহীৰ আত্মসত্বাক অশুচি কৰি পঠিয়াব পাৰে!" 
" কিমান নিকৃষ্ট হ'লে দলবদ্ধ ধৰ্ষণ কৰি দেশৰ গৰিমাত দাগ লগাব পাৰে!" 
         এনে কিছুমান প্ৰশ্নৰ হেতাঁ ওপৰাত সৰকি যায় মাথো এজাক হুমূনিয়াহ।
         ফাৰ্ণাণ্ডা। যিখন দেশত এইগৰাকী বিদেশী মহিলা কিছুদিন পূৰ্বে সাত পাষণ্ডৰ ধৰ্ষণৰ বলী হ'ল, যিখন দেশত আকৌ নাৰীৰ বলৎকাৰ কৰি জ্বলাই দিয়া হয়, প্ৰমাণসহ ধৰ্ষণকাৰী ধৰা পিছতো ধৰ্ষণকাৰীক বচাবলৈ উকীলে ধৰ্ষিতাজনীক বেশ্যা বুলি প্ৰমাণিত কৰিবলৈ উঠিপৰি লাগে, যিখন দেশত ধৰ্ষণকাৰীক বচাবলৈ খাকী পোছাকযোৰৰ আঁৰত কিছুমানে দালালি কৰে, অন্যায়, অবিচাৰ, পক্ষপাতপূৰ্ণ আচৰণৰ চিকাৰ হৈয়ো পৰিয়ালৰ বা সমাজৰ ভয়ত নাৰীয়ে নীৰৱতাৰ আলম গ্ৰহণ কৰে, উচ্চশিক্ষিত কত নাৰী নিজ স্বামী, সন্তানৰ দ্বাৰা শোষিত, উৎপীড়িত হয়, তেওঁলোকৰ মৌন হাহাকাৰ কোনেও শুনি নাপায়, বুজি নাপায়। আৰু তেনে এখন দেশতেই আমি ৮ মাৰ্চ তাৰিখটো প্ৰতিবছৰৰ দৰে তিনিদিন পূৰ্বে  নাৰী দিৱস উদযাপন কৰিছোঁ।
     কিন্তু তেনে এখিনি কাহিনীক একাষৰীয়া কৰি দিৱস পালন কৰাৰ প্ৰাসংগিকতাই বা ক'ত! কথাবোৰ ভাবিবৰ হ'ল। সমাজৰ আৰ্বজনা নিষ্কাষণ কৰিবৰ হ'ল। অন্যথা নাৰী সুৰক্ষা যে সদায় ধোৱা চাঙতেই খুপনি পুটি থাকিব, ই ধুৰুপ।


সম্পাদনা
ৰেবিকা নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)