বিৰহিনী ৰাধা - জুপিতৰা দাস

©Admin
0
" অনুৰাগৰ হেনো বিয়া, কথাটো সঁচা নে?" কস্তুৰীৰ প্ৰশ্নত মালাই অস্বস্তি অনুভৱ নকৰিলে। কাৰণ তাই আজি কিছুদিনৰ পৰা এনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন হৈয়ে আছে। তাই সেমেকা হাঁহিৰে উত্তৰ দিলে " উম ময়ো শুনিছোঁ।" কস্তুৰী যেন অলপ আচৰিত হ'ল কেনেকৈ ইমান সহজ ভাৱে মালাই ক'ব পাৰিলে যিজন ল'ৰাৰ লগত তাইৰ ৭ বছৰৰ সম্পৰ্ক আছিল আনকি বিয়াৰ কথাও চলিছিল তেনে ক্ষেত্ৰত মালাই.... তাই উৎকণ্ঠাৰে আকৌ সুধিলে-" মালা তহঁতৰ প্ৰেম ইমান গভীৰ আছিল ...." কস্তুৰীৰ কথাখিনি সম্পূৰ্ণ হবলৈ নিদি মালাই উত্তৰ দিলে " প্ৰেমৰ নিলামী বজাৰত মই নিজক বিক্ৰী কৰিব নোৱাৰিলোঁ...!" কস্তুৰীৰ আৰু বুজিবলৈ বাকী নাথাকিল তাই মালাৰ কান্ধত হাতখন থৈ ক'লে - "পাৰিবি জানো তই তাক আনৰ ওচৰত গোটাবলৈ, সহিব পাৰিবি নে? মানুহক কি উত্তৰ দিবি ?" মালাই হাঁহি মুখে ক'লে -" সমস্ত জগতে বিৰহিনী ৰাধাক কলঙ্কিনী আখ্যা দিছিল কিন্তু ৰাধাৰ কাতৰ যন্ত্ৰণা কোনেও বুজিব চেষ্টা নকৰিলে তথাপি জানো ৰাধাৰ কৃষ্ণৰ প্ৰতি প্ৰেম শেষ হৈছিল...?" 

      ✍️জুপিতৰা দাস
      চমুৱা গাতি , বাক্সা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)