আজিও নাৰীয়ে কিয় অধিকাৰৰ বাবে যুঁজিব লাগে - ইয়াছিন আলী

©Admin
0
"ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই, য'ত নাৰীয়েই মূল আৰু শিশু দেশৰ ভৱিষ্যত। "

আমাৰ সমাজত বৰ্তমানো নাৰী সকল বিভিন্ন দিশত পিছ পৰি আছে। সমাজ বা দেশ এখন আগুৱাই নিবলৈ নাৰী সমাজৰ ভূমিকা অপৰিসীম। নাৰীক সম স্থান দিলেহে দ্ৰুত উন্নয়নৰ পথ মসৃণ হব। এগৰাকী শিক্ষিতা মাতৃয়ে গঢ়াই দিব পাৰে সন্তানৰ জীৱন। কথাত আছে ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই। এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ় দিব পাৰে। ঘৰৰ পৰাই শিশুৱে গ্ৰহণ কৰে জীৱনৰ মূল শিক্ষা বোৰ। সেয়ে কোৱা হয় ঘৰেই শিশুৰ আচল শিক্ষাৰ ঠাই, য'ত এগৰাকী নাৰী হ'ল মূল। 
দেশ তথা সমাজ এখন আগুৱাই নিবলৈ যে নাৰীৰ ভূমিকা অপৰিসীম তাৰ প্ৰতি লক্ষ্য ৰাখি নাৰী দিৱস হিচাপে এটা দিন ধাৰ্য কৰা হৈছে। সমগ্ৰ বিশ্ব জুৰি 'নাৰী দিৱস' হিচাপে পালন কৰা হয় ৮ মাৰ্চ তাৰিখটো। এটা প্ৰশ্ন উত্থাপন হ’ব পাৰে যে  যে নাৰীৰ বাবে কিয় দিৱস পালন কৰিব লগা হ'ল! নাৰীৰ বাবে ৮ মাৰ্চৰ দিনটোৱে নে প্ৰতিটো দিনেই নাৰীৰ বাবে হ’ব লাগে! নাৰী দিৱস হ’ল নাৰীক সম অধিকাৰ, সম বিকাশ, সম মৰ্যাদাৰে আগুৱাই নিয়া আৰু আগুৱাই যোৱাত উৎসাহিত কৰাৰ লক্ষ্যৰে সংকল্প লোৱা এটা দিন । এই নাৰী দিৱস ১৯০৮ চনৰ ৮ মাৰ্চ তাৰিখৰ পৰা আৰম্ভ কৰা হয় যদিও আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ১৯১১ চনৰ পৰা পালন কৰি অহা হৈছে। সমাজ তথা দেশ এখন আগুৱাই যাবলৈ হ'লে নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব আৰু নাৰীৰ যে প্ৰয়োজন আছে সেই কথা পুৰুষে পাহৰি গলে নহ’ব । পুৰুষ তান্ত্ৰিক সমাজে নাৰীক বিভিন্ন ধৰণে এটা পিছ পৰা, দুৰ্বল তথা অৱহেলিত শ্ৰেণী ৰূপে অভিহিত কৰি আহিছে আৰু সেই ভাৱ সলনি কৰাৰ বাবে নাৰীয়ে কোনো দিনে চিন্তা কৰা নাছিল বাবেই নাৰী সমাজ পুৰুষ সমাজৰ অধীনস্থ হৈ থাকিব লগা হৈছে । কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান নাৰীয়ে নিজৰ অধিকাৰ, কৰ্মপটুতা আদিৰ পৰিচয় দিবলৈ একপ্ৰকাৰ প্ৰতিবাদ কৰিছিল ,যেনে ১৮৫৭ চনৰ ৮ মাৰ্চ তাৰিখে নিউইয়ৰ্কৰ সূতাৰ উদ্যোগত কাম কৰা সহস্ৰাধিক মহিলাই প্ৰতিবাদ কৰিছিল। কাৰণ সম মৰ্যদা, সম মজুৰি, কামৰ সময় ১৬ ঘন্টাৰ ঠাইত ৮।১০ ঘন্টা কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে জাগ্ৰত হৈ প্ৰতিবাদ কৰিছিল। তেতিয়াৰে পৰাই নাৰী সমাজে নিজৰ অধিকাৰৰ বাবে যুঁজি আহিছে। ১৯০৮ চনত নিউয়ৰ্কৰ এগৰাকী নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হয়। 
তাৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয় আন্তৰ্জাতিক 
নাৰী সন্মিলন হয়। সন্মিলন খনত ক্লাৰাই প্ৰতি বছৰৰ ৮ মাৰ্চ তাৰিখ টো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়।তাৰ পিছৰ বছৰৰ পৰাই অৰ্থাৎ ১৯১১ চনৰ পৰা বিশ্ব জুৰি ৮ মাৰ্চ তাৰিখ টো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ইয়াক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে । ৰাষ্ট্ৰ সংঘই সকলো দেশকে ৮ মাৰ্চ দিন টো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনায়। এতিয়া কথা হ’ল যে নাৰী সকলক যেতিয়ালৈকে পাৰিবাৰিক , সামাজিক, ৰাজনৈতিক, মতামত গ্ৰহণ, শৈক্ষিক, সামাজিক আদি দিশত পূৰ্ণ স্বাধীনতা দিয়া নহ’ব বা সমান অধিকাৰ দিয়া নহ’ব তেতিয়া লৈকে নাৰীয়ে কেৱল নাৰী দিৱস পালন কৰি থাকিব লাগিব। সমাজত নাৰীয়ে সম অধিকাৰ পাইছে বুলি মই এতিয়াও নাভাবো। কাৰণ দেশৰ উৰ্দ্ধতম বিষয়াসকলৰ ভিতৰত এতিয়াও নাৰীৰ সংখ্যা তেনেই কম। কেৱল মুখতে নাৰীক সম অধিকাৰ দিয়া বুলি প্ৰচাৰ হৈছে। যদি নাৰীয়ে সম অধিকাৰ পালেহেঁতেন তেনেহ’লে মামনি ৰয়ছম গোস্বামী অসম সাহিত্য সভাৰ সভানেত্ৰী হ’লহেঁতেন, হয়তো কোনোবাই ক'ব পাৰে যে নলিনীবালা দেৱী আৰু নিৰ্মলপ্ৰভা বৰদলৈ সভানেত্ৰী হৈছিল। সেই সময়ত এনেধৰণৰ নিৰ্বাচনী ব্যৱস্থা নাছিল আৰু সেই দুগৰাকী নাৰীৰ ৫ গুণ কম যোগ্যতাৰ ব্যক্তিও আশে পাশে কোনো পুৰুষ সক্ৰিয় নাছিল। সেইবাবেই হ’ব পাৰিছিল। 
আজি কোনো ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানত নাৰীক উপসভানেত্ৰী বা সহঃসম্পাদিকা পদত বেছিকৈ দেখা যায় কিয়? আকৌ সেই সকল ব্যক্তিয়ে ৮ মাৰ্চত নাৰীৰ স্বাধীনতা, নাৰী সম অধিকাৰ আদি কৰি বিভিন্ন দাবী লৈ নাৰী দিৱস পালন কৰিব। এয়া নাৰী সমাজক চূড়ান্ত ভাৱে পিছুৱাই ৰখা হোৱা নাই নে? নাৰীয়ে নাৰীৰ সম অধিকাৰৰ বাবে যুঁজিআহিছে যদিওঁ পুৰুষতান্ত্ৰিক সমাজে নাৰীক সম মৰ্যদা দিয়াৰ পৰা বিৰত আছে। 
হয়, আপুনি ক’ব পাৰে যে অসম মহিলা বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্যা মহিলা, সেই টো ঠিকেই কিন্তু মহিলা বিশ্ববিদ্যালয়তহে। যি দুই চাৰিগৰাকীয়ে অগ্ৰগতি লভিছে সেয়াও আঙুলিৰ মূৰত গণিব পৰা। মই ভাবো , যেতিয়ালৈকে পুৰুষে নাৰীক বেলেগ চকুৰে চোৱাৰ বাবে পুৰুষেই প্ৰতিবাদ নকৰিব তেতিয়ালৈকে নাৰীয়ে সম অধিকাৰ পোৱাটো এক কঠিন কাম হৈ ৰৈ থাকিব। নাৰী সমাজ কিয় পিছ পৰা তাৰ কাৰণ হ’ল , স্বামীয়ে ভাত নোখোৱা লৈকে স্ত্ৰীয়ে নাখাব, ডাঙৰ মাছৰ টুকুৰাটো স্বামীক নিদিলে শাহুৱেকে বোৱাৰীক কিবা কিবি ক’ব,  ঘৰৰ সকলোৱে খোৱাৰ পিছতহে বোৱাৰীয়ে খাব পাৰিব, মাহেকীয়া ঋতু চক্ৰত নাৰীক অৱহেলিত কৰা , ডাইনী সজোৱা,
যদি মাছৰ টুকুৰা আৰু স্বামীৰ আগত নোখোৱাটো এটা অন্তৰংগ বিষয় হয় সেইটো বেলেগ কিন্তু যদি 'নোৱাৰিবই' তেতিয়া কিন্তু আকৌ আৰু বেলেগ। এনে আৰু বহু কিছুমান অন্ধ বিশ্বাস যেতিয়া লৈকে থাকিব তেতিয়ালৈকে নাৰী আগুৱাই যোৱা টো বৰ কঠিন কাম হব । নাৰীক সন্মান তথা গুৰুত্ব, নাৰীক সম অধিকাৰ আদি লৈ কেৱল ৮ মাৰ্চ তাৰিখ টো নাৰী দিৱস হিচাপেই পালন কৰিব লাগিব। কিন্তু দিৱসৰ উদ্দেশ্য সফল নহ’ব। 
আজি দেশৰ প্ৰশাসনিক সেৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন উচ্চ পৰ্যায়ত কিমানগৰাকী মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে? কিন্তু হয়তো কোনোবাই ক’ব পাৰে মহিলা সকলে আগুৱাই অহা নাই। নহাৰ মূল কাৰণ আমি পুৰুষ সকলে পূৰ্ণ স্বাধীনতা দিয়া নাই বা তেওঁলোকেও যে দেশৰ হকে দহৰ হকে কিবা কৰিব পাৰিব সেই কথা বিশ্বাস কৰা নাই আমি পুৰুষ সমাজে, সেই বুলি তেওঁলোকক দুৰ্বল ভবা ঠিক নহয় তেওঁলোকো মানসিক ভাৱে যথেষ্ট সবল। কিন্তু পুৰুষ সকল কেৱল মহিলাসকলতকৈ আৰ্থিক দিশতহে আগবঢ়া। 
আজি নিজে অধ্যয়ন কৰা কোনো বিদ্যালয় মহাবিদ্যালয়ত কিবা অনুষ্ঠান হলে ছাত্ৰী সকলোৰ বাবে হোষ্টেলত সোমোৱাৰ বাবে নিৰ্ধাৰিত সময় বান্ধি দিয়া থাকে কিয়? আজি ৰাস্তা ঘাটত ৰাতি কিয় মহিলা সকল মুক্ত মনে বিচৰণ কৰিব নোৱাৰে কিয়? আজি কিয় মহিলা সকল সময়ে সময়ে ধৰ্ষণৰ বলি হবলগীয়া হৈছে? আজি কিয় কণ কণ শিশু সকল অসৎ কামনাৰ বলি হব লগা হৈছে? ল'ৰা জনৰ পৰীক্ষাৰ ফলাফল বেয়া হলেও লিখা পঢ়া অব্যাহত থাকে কিন্তু ছোৱালী জনীক বিয়া দিয়াৰ বাবে ছোৱালী জনীক মানসিক অত্যাচাৰ কৰা হয় কিয়? তাৰ পাছতো আপুনি ক'ব নে নাৰীয়ে সম অধিকাৰ পাইছে? আমি প্ৰতিবছৰে নাৰী দিৱস পালন কৰি আহিছো কিন্তু ফলাফল কি পাইছো।  ।  বহু ছোৱালী আছে দেশৰ হকে সেৱা আগবঢ়োৱাৰ যথেষ্ট ইচ্ছা কিন্তু ঘৰৰ বাধা। ছোৱালী মানুহ বেছি কৰিলে বেলেগে বেয়া ক'ব, তুমি ছোৱালী তুমি ইটো নোৱাৰিবা তুমি সিটো নোৱাৰিবা। সাহস নিদিয়া অভিভাৱকেই বেছি। মোৰ বোধেৰে প্ৰতিজন ছোৱালীক আত্মৰক্ষাৰ কৌশল শিক্ষা দিয়া প্ৰয়োজন। প্ৰতি জন ছোৱালীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিব পৰা সুবিধা পিতৃ মাতৃয়ে দিয়া দৰকাৰ। এজন ল'ৰাক পিতৃ মাতৃয়ে যেনেদৰে গুৰুত্ব দি ডাঙৰ দীঘল কৰে তেনে গুৰুত্ব এজনী ছোৱালীক দিলে সেই ল’ৰা জনতকৈ বেছি আগুৱাই যাব। 
ছোৱলী অলপ ডাঙৰ হ’লে অধিকাংশ লোকৰেই এটাই চিন্তা যে , বিয়া দিব পাৰিলেই হ’ল। য'ত নগন্য সংখ্যক ছোৱালীয়েহে কয় মই এতিয়া বিয়াত নবহো কিন্তু সকলো ছোৱালীয়েই মনত অপাৰ হেঁপাহ, বুকুত অদম্য সাহস, অন্তৰত দেশ প্ৰেমৰ প্ৰচুৰ ইচ্ছা থকা সত্ত্বেও পিতৃ মাতৃৰ সন্মান ৰক্ষাৰ্থে নিজৰ সপোন জলাঞ্জলি দি আনৰ ঘৰৰ বোৱাৰী হবলৈ বাধ্য হয়। এয়া মোৰ বোধেৰে ঠিক নহয়।
আজি ঘৰত ছোৱালী জন্ম হোৱাৰ লগে লগে তাইৰ নামত এটা জীৱন বিমা কৰা হয়, কিয়? মানে ১৮ বছৰ হলে যাতে সেই টকাৰে বিয়া দিব পাৰে। কিন্তু চিন্তা নকৰে যে তাই যিমান লৈকে পঢ়িব বিচাৰে, তাই যি হব বিচাৰে বা তাই কি কৰিব বিচাৰে তাৰ বাবে যাতে কোনো অভাৱ নহয় বা তাৰ বাবে ক'ৰ পৰা কি পৰামৰ্শ লোৱা যায়। 
 কেতিয়াবা দেখা যায় বয়স নোহোৱাৰ আগতেই বিয়া দি দিয়ে যাৰ বাবে শাৰিৰীক, মানসিক, দৈহিক বিকাশৰ পৰা বিৰত থাকে বহু ছোৱালী আৰু সংসাৰৰ দায়িত্ব, অপ্ৰাপ্ত বয়স্কত মাতৃত্বৰ বোজা বহন কৰিব লগীয়া হয়। অপ্ৰাপ্ত বয়স্ক এজনী ছোৱালীৰ পৰা এজন অপুৰঠ সন্তানেই জন্ম হয় আৰু এনেকৈয়ে পুৰুষ তান্ত্ৰিক সমাজে নাৰী সমাজক পিছুৱাই ৰাখিছে। অৱশ্যে বৰ্তমান কিছু পৰিমাণে নাৰী সমাজ সজাগ হৈছে, যাৰ বাবে দেশ বিদেশৰ মাটিত গৈ গৈ নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। কিন্তু যি খিনি সজাগ হৈছে এয়া পৰ্যাপ্ত নহয় আৰু হোৱাৰ প্ৰয়োজন আছে। নাৰীক আগুৱাই নিবলৈ হলে পুৰুষ সমাজৰ যথেষ্ট কৰণীয় আছে আৰু আমি সেই খিনি কৰিব লাগিব। মুঠতে আমি সকলোৱে মিলি এটা লিংগ বৈষম্য বিহীন সমাজ গঢ়াৰ চেষ্টা কৰিব লাগিব। য'ত সকলোৰে সমান অধিকাৰ থাকিব। আজি ১৮৫৭ চনৰ পৰাই নাৰীয়ে নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে। কিন্তু কাৰ পৰা এই প্ৰাপ্য বিচাৰিছে নাৰীয়ে নিশ্চয় পুৰষৰ পৰা। তেতিয়া হলে নাৰী দিৱস পালন কৰাই নহয় নাৰীক দিবলগীয়া খিনি দিব লাগিব। 
নাৰী যেতিয়া নিজৰ অধিকাৰ তথা স্বাধীনতাৰ বাবে নিজেই বুকু ফিন্দাই ওলাই নাহিব তেতিয়া লৈকে নাৰীক পুৰুষতান্ৰিক সমাজে আগুৱাই লৈ নাযাব।
গতিকে নাৰীৰ সকল আপোনালেকৰ বাবে এটা দিৱস পালন কৰিলেই নহব আপোনালোকৰ খিনি আপোনালোকে আদায় কৰি লব পৰা ক্ষমতা অৰ্জন কৰিব লাগিব। 
সেয়ে নাৰী সমাজ আগুৱাই যাবলৈ নাৰী শিক্ষা, নাৰী সৱলীকৰণৰ প্ৰয়োজন আছে আৰু নাৰী সকলোক নাৰী সকলোৰ মাজৰ পৰাই নেতৃত্ব দিব পৰা নাৰী ওলাই অহাৰ সময় সমাগত হৈছে। কেৱল ৮ মাৰ্চ নহয় প্ৰতিটো মূহুৰ্তই নাৰীৰ হওঁক। বছৰৰ প্ৰতিটো দিনেই হওঁক ৮ মাৰ্চ। অৱশ্যে বৰ্তমান চৰকাৰে নাৰীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নাৰীৰ সকলোৰ বাবে বিভিন্ন আঁচনি প্ৰদান কৰা পৰিলক্ষিত হৈছে। ছাত্ৰী সকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে চৰকাৰে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। যাৰ ফলত নাৰী সমাজে কিছু পৰিমাণে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। আমি লৰাৰ সমানে ছোৱালীকো যদি গুৰুত্ব দিওঁ নিশ্চয় ছোৱালী সকলো আগুৱাই যাব। আহক আমি সকলোৱে মিলি এটা লিংগ ভেদাভেদহীন সমাজ গঢ়ো। 

✍️ইয়াছিন আলী 
গাওঁঃ শৌলমাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)