হৃদয়ৰ গোপন কথাবোৰ•দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
হৃদয়ৰ সকলো গোপন কথা 
কাৰোবাক খুলি ক'বলৈ 
অভিমানী মনে উচুপি উঠি 
বৰকৈ নিঃসংগতাত ভুগে 
তেতিয়াই শব্দবোৰে মৌন হৈ 
এটি শিৰোনামৰ সৃষ্টি কৰে‌।
কেতিয়াবা সেমেকা দুচকুৰে 
ডায়েৰিৰ উকা পৃষ্ঠা‌ তিয়াই
আকৌ কেতিয়াবা মনৰ 
অনুভৱবোৰক অভিমান কৰে
ঠিকনা বিচাৰি হাহাকাৰ কৰি উঠে।
দূৰ সীমনাত এৰি থৈ আহিব খোজে 
অতীতৰ প্ৰতিটো বিষাদৰ স্মৃতি 
কিন্তু নিৰূপায় হৈ স্তব্ধ হৈ 
হেৰাই যাব খোজে স্মৃতিৰ পাততে।
নীৰৱতাৰ ক্ষণতে মোৰ 
সপোনে জিৰণি লয় 
আলফুলীয়া অভিমানী মনে
হৃদয়ৰ কথাবোৰ ক'বলৈ
বাৰে বাৰে সংগ বিচাৰে
দুচকুৰ ভাষা বুজিও চোন
সকলোৱে নুবুজু বুলি কয়
হৃদয়ৰ গোপন কথাবোৰ চাগে
ডায়েৰিৰ পৃষ্ঠাতে উঁৱলি যাব।


✍️দিপশিখা ৰাজকোঁৱৰ!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)