হোলী উৎসৱৰ কিছু কথা- সুৰজিৎ ভূঞা

@admin
0
হোলী মানেই যেন বৰপেটাৰ প্ৰাণ,হোলী মানেই যেন বৰপেটাৰ চৌদিশে বাজি উঠে আনন্দৰ মহাৰোল । হোলী বৰপেইটাৰ প্ৰাণৰো প্ৰাণৰ উৎসৱ । দৌল উৎসৱ বুলিলে বহু দিন আগৰ পৰাই দেহ ৰাইজাই কৰি নাচি উঠে । বসন্ত ঋতুৰ আগমনে মনক আমনি কৰে ।

বসন্ত ঋতুৰ সমাহাৰ মানেই যেন ফাগুনৰ উৎসৱ দৌল উৎসৱত কৃষ্ণ-ভক্তিৰ ৰসত আহ্লাদিত হৈ পৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ।

হোলী অথবা দৌল উৎসৱ মানেই তাল-খোল,গায়ন-বায়ন,ঢোল,মঞ্জিৰা, খুটিতাল,বাঁহী আৰু লোক সংস্কৃতিৰ সৈতে জড়িত কিছু সংখ্যক বাদ‍্যযন্ত্ৰৰ সমাহাৰ ।

হোলী অথবা দৌলোৎসৱ সকলোৰে আৰাধ্য দেৱতা শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি এই উৎসৱ পালন কৰা হয় । পোন প্ৰথম এই উৎসৱ বৈকুণ্ঠত উদযাপন কৰা হৈছিল।কিন্তু সেই একেই আৰ্হিৰে বৈকুণ্ঠৰ পিছত বৰদোৱা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল উৎসৱৰ আৰম্ভণি কৰিছিল আৰু সেই একে ধৰণে পৰৱৰ্তী সময়ত সেই আৰ্হিৰে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাই বৰপেটা সত্ৰত দৌলোৎসৱ পালন কৰে আৰু পৰৱৰ্তীকালত এনেকৈয়ে হোলী বা দৌল উৎসৱ আজিও সকলোৰে মাজত বিৰাজমান হৈ উজ্জ্বলি আছে।হোলী উৎসৱ সমগ্ৰ ঠাইতে হয় যদিও এই উৎসৱ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটাৰ এক উল্লেখযোগ্য উৎসৱ আৰু এই হোলী অৰ্থাৎ দৌল উৎসৱ বিশ্ব বিখ্যাত । দৌলোৎসৱ সত্ৰীয়া ৰীতি-নীতিৰ ভিতৰত পালন কৰা উৎসৱ হ'লেও এই হোলী উৎসৱ সমস্ততে সিঁচৰতি হৈ পৰে । দৌলোৎসৱত দুজনা গুৰুৱে প্ৰৱৰ্তন আৰু প্ৰচলন কৰা বৈষ্ণৱ ধৰ্মৰো উমান পোৱা যায় । 

হোলী অথবা দৌল উৎসৱ আনন্দৰ উৎসৱ কিন্তু আমি যদি বিস্তাৰিত ভাবে চাবলৈ যাওঁ এই হোলী অথবা দৌল উৎসৱত আমাৰ লোক সংস্কৃতি আৰু থলুৱা সংস্কৃতিৰৰো সমাৱেশ দেখা যায় কিয়নো তাত ব‍্যৱহৃত বাদ্যযন্ত্ৰ বোৰ হৈছে লোক সংস্কৃতিৰ অন্তৰ্গত আৰু হোলীগীতৰ সুৰবোৰত বৰগীত, লোকগীত অথবা লোক সমাজৰ মাজত প্ৰচলিত সুৰৰ সমাৱেশ ঘটা দেখা যায় । এই হোলীক আমি লোক সংস্কৃতিৰ আন এক ভড়াল অথবা লোক সংস্কৃতিৰে পৰিপূৰ্ণ উৎসৱ বুলি ক'লেও ভুল নহ'ব নিশ্চয়।

হোলী গীতসমূহ বৰগীতৰ আধাৰত অৰ্থাৎ ভক্তিমূলক আৰু আধুনিক ৰূপত গোৱা দেখা যায় । হোলী গীতসমূহ কৃষ্ণ ভক্তিমূলক গুণানুকীৰ্ত্তন,বসন্ত ঋতুক কেন্দ্ৰ কৰি বৰ্ণনা,কৃষ্ণ আৰু গোপ-গোপীসকলৰ ৰাসলীলা আৰু প্ৰকৃতিৰ সৌন্দৰ্য্য,প্ৰেম আদিক বিষয়বস্তু হিচাপে লৈ ৰচনা অথবা গোৱা হয় ।

বৰ্তমানৰ প্ৰেক্ষাপটত এই হোলী অথবা দৌল উৎসৱ অধিক গাঢ় হৈ উঠিছে ই হয়তো ভৱিষ্যতৰ লোক কলা-সংস্কৃতিৰ বাবে শুভ লক্ষণ ।

কিন্তু এই হোলী উৎসৱ উদযাপনৰ আঁৰত আছে এক অন্য কাহিনী য'ত ভাৰতীয় পৌৰাণিক শাস্ত্ৰ মতে দৈত‍্যৰাজ হিৰণ্য কশিপুৰ ভগ্নী "হোলিকা" অৰ্থাৎ শংখচূড় দৈত‍্যৰ আন এটা নাম আৰু নাৰায়ণে হোলিকা অৰ্থাৎ শংখচূড় দৈত‍্যক বধ কৰাৰ বাবে সেই উৎসৱটোৰ নাম হৈছিল হোলী উৎসৱ । 

কিন্তু এই হোলী অথবা দৌল উৎসৱৰ মাদকতা দ্বিতীয় বৈকুণ্ঠপুৰী তথা তিনি ৰাজ‍্যৰ বন্দনী স্থান বৰপেটা সত্ৰত অথবা বৰপেটাত এক সুকীয়া অস্তিত্ব বহন কৰি আহিছে । য'ত সত্ৰীয়া-সংস্কৃতিৰ লগতে এই উৎসৱ আনন্দৰ উৎসৱ হিচাপে পালন কৰি অহা হৈছে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)