বুজিও নুবুজিলা প্ৰেমৰ সংজ্ঞা•নিপু কুমাৰ দাস

Rinku Rajowar
0
পাহৰিব খুজিও তোমাৰ মুখৰ হাঁহি 
কিয় নোৱাৰোঁ মই যেন যাব পাহৰি
কি যে তোমাৰ যাদুকৰী সেই হাঁহি 
আজিও দেখো মোক কৰে আমনি।
 
বুজিও নুবুজিলা কিয় জানো তুমি
প্ৰেমবিহীন হৃদয়ত শূন্য অনুভূতি 
কলিজা বিষাদ যন্ত্ৰণাত উঠে কঁপি
নীৰৱে নীৰৱে চকুলো সৰে আজি।

জীৱন কেনভাচত ৰং-তুলিকা বুলাই
দুখৰ ৰাতিত সুখৰ জোনাক বিলাই 
তুমিয়ে জীয়াই থকাৰ বাট দেখুৱাই 
জীৱনৰ অমানিশা নিলাহি আতৰাই।

আজি তুমি বিহীন যেন অকলে মই
জীৱন সমুদ্ৰত আছোঁ দুখকে ধিয়াই
সপোন ভাঙি সুখৰ হাঁহি গ'ল হেৰাই 
পাহৰিলেও তোমাক পাহৰিব পৰা নাই।

                      ***
✍️নিপু কুমাৰ দাস  
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)