ৰং বিহীন জীৱন •নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
জীৱনটো বেসুৰা হৈ পৰিল 
এখন উকা কেনভাচ
মাথো কলংকেৰে ভৰা 
ক'লা ম'লা দাগ । 
ফাগুনৰ আবিৰেৰে নোৱাৰে মন 
কৰিব আলোকিত , 
দৰিদ্ৰতাৰ মাজেৰেই কৰিছো পাৰ 
জীৱনটোৰ নালাগিল ঠানথিত । 
অতীত বৰ্তমান আৰু ভৱিষ্যত  
নালাগিল আৰু নালাগিব গত ,  
ব্যৰ্থ এই জীৱন
সামৰিবৰ হে আছে মন । 
হে পৰম সুহৃদ 
মনৰ নাই স্থিত , 
নোৱাৰিলো হ'বলৈ
নিজৰ লক্ষ্যত উপনীত । 
গুৰিয়াল বিহীন নাওৰ দৰেই 
তুলুং ভুটুং এই জীৱন , 
কেনেকৈ পাৰ হ'ম এই ভৱ সংসাৰ 
নোৱাৰিলো কৰিব যে ধনৰ উপাৰ্জন ।

▪️নবীন চন্দ্ৰ মেধি 
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)