ফাগুন-সঞ্জীৱ গগৈ

@admin
0
ফাগুন
অ ৰাঙলী ফাগুন 
দে চোন তোৰ ৰঙা অলপমান দুৰ্ভগীয়াৰ গাত ছটিয়াই।
কিজানি বা ৰঙীন হয়েই 
দুৰ্ভগীয়াৰ হেতাপৰা পৃথিৱীখন।

ফাগুন অ'
পাৰিলে উৰুৱাই নে চোন দুৰ্ভগীয়াক পছোৱা জাকৰ সৈতে ।
যান্ত্ৰণাৰ কৱলৰ পৰা কোনো এখন সুখৰ ঠাইলৈ।

ফাগুন 
তোমাৰ পৰশত মদাৰ,শিমলু যেনেকৈ ফুলিছে
সৰাপাতবোৰ যেনেকৈ মুক্ত মনে উৰিছে।
তেনেকৈ ফুলিবলৈ বা তেনেকৈ উৰিবলৈ 
দুৰ্ভগীয়াকো যাচি দে চোন অলপমান পৰশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)