ফাগুন-নিপু কুমাৰ দাস

@admin
0
তুমি আছা বাবেই এই ফাগুনেই আহি
মোক নীৰৱে কিয় কৰেহি আমনি 
শিমলু তুলা হৈ যেন মোৰ মনটি
তোমাৰ কাষলৈ বাৰে বাৰে যায় উৰি
উতলা ফাগুনৰ কিযে মতলীয়া বা
আবিৰ সনা আকাশত ৰাঙলী বেলিৰ ছাঁ ------ !

তুমি আছা বাবেই এই ফাগুনেই আহি
মোৰ বুকুৰ চোতালত বহি মাৰেহি চুপতি 
ৰাতিৰ বিষাদ ভাৱনাই নোৱাৰে কৰিব আমনি 
কলিজাত লৈছোঁহি তোমাৰ আল্পনা আঁকি 
উতলা ফাগুনৰ কিযে উন্মক্ত উন্মাদনা
নঙঠা শিমলুই দিলেহি বসন্তৰ বতৰা ------ ।     
                            
                                                                                                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)