নানা ৰং সনা পাখি দুখনেৰে উৰি ফুৰিছিল মোৰ সপোনৰ বাগিচাত।
চাই আছিলোঁ মই, বিমোহিত হৈ পৰিছিলো উজ্জ্বল পাখি দুখনি চায়।
মোৰ আজিও মনত পৰে সেই সপোনৰ কথা।
বতৰটো আছিল গ্রীষ্মকালীন,
বিচাৰি ফুৰিছিল ফুলৰ গোন্ধ।
কিমান যে সুখময় আছিল সময়টো।
কিমান যে মৰম লগা আছিল পাখি দুখন।
মোৰ সপোনৰ সেই পখিলাটো উৰি উৰি বাগৰি পৰিছিল মোৰ হাতত।
মৰমেৰে মায়াময় হাত বোলাই দিছিলোঁ পাখি দুখনিত।
সেই সময়ত আহিল কালৰূপী প্রচণ্ড
এক বতাহ আৰু উৰুৱাই নিলে মোৰ
সপোনৰ সেই পখিলাটো।
উৰুৱাই নিলে মোৰ সুখময় সময়,
ভাঙি টুকুৰা-টুকুৰ কৰিলে মোৰ সপোন।
আজিও মনত পৰে সেই ৰংসনা পাখি
দুখনলৈ।
উভতি যাব পাৰিম নে?
সেই ৰসসনা মধুময় সপোনলৈ।
মোৰ হিয়াই উচুপে বোলাই দিবলৈ পাখি দুখন,
চাই ৰ'বলৈ বিমুগ্ধ সপোনৰ সেই পখিলাটো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ