মুগৰ কুলি- দিব্যজ্যোতি মালো

©Admin
0
প্ৰথমতে, কেৰাহীত অলপ মুগ ডালি ভাজি ল'ব লাগিব।ভজা হৈ যোৱাৰ পিছত তাত অলপ বেছিকৈ পানী দিব লাগিব আৰু অলপ নিমখ। এনেকৈ ডালিখিনি একেবাৰে গলি যোৱা হ'ব লাগিব। পিছলৈ তাত অলপ অলপকৈ চাউলৰ গুৰি দিব লাগিব।যেতিয়া সেই মিশ্ৰণটো অলপ কঠিন আৰু অলপ নৰম হৈ যাব তেতিয়া তাক কেৰাহীৰ পৰা নমাই এটা পাত্ৰত থ'ব লাগিব।
দ্বিতীয়তে, এটা কেৰাহীত বেছিকৈ গাখীৰ দিব লাগিব। গাখীৰত তেজপাত, অলপ নিমখ,গুৰ/চেনি,কোৰুৱা নাৰিকল, আৰু অলপ অলপকৈ তাত চাউলৰ গুৰি দিব লাগিব।যেতিয়া সেই মিশ্ৰণটো আঠাৰ নিচিনা টান হ'ব তেতিয়া তাক নমাই থ'ব লাগিব।
তৃতীয়তে, প্ৰথমতে বনাই থোৱা সেই মুগ ডালি আৰু চাউলৰ গুৰিৰে বনোৱা মিশ্ৰণটো এটা বাটিৰ নিচিনা আকাৰ দি তাত দ্বিতীয়তে তৈয়াৰ কৰা গাখীৰৰ খীৰ অলপ দি তাক কুলি পিঠাৰ আকাৰ দিব লাগিব।
চতুৰ্থতে, তৃতীয়তে তৈয়াৰ কৰি থোৱা কুলিসমূহ আন এটা কেৰাহীত তেল দি অলপ ৰঙা ৰঙা কৰি ভাজি ল'ব লাগিব।
পঞ্চমতে, আকৌ আন এটা কেৰাহীত অলপ পানী আৰু বেছিকৈ চেনি দি উতলাই ল'ব লাগিব আৰু যেতিয়া ৰসখিনি আঠা আঠা জাতীয় পানী হ'ব তেতিয়া তাত ভাজি থোৱা কুলিসমূহ দি দিব লাগিব আৰু 5-7 মিনিট পিছত তাক নমাই থৈ 2-3ঘন্টা পিছত কুলি পিঠাৰ সোৱাদ ল'ব পাৰিব। এয়াই হ'ল মুগৰ কুলি।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)