তুমি-পল উৎপল গোহাঁই

©Admin
0
তোমাক ভাল লাগে দিয়াচোন
তোমাৰ সেই মিচিকিয়া হাঁহিটো
মোৰ বৰ ভাল লাগে
তোমাৰ দুনয়নে হাঁহিলে
মোৰ ভাল লাগে
তোমাৰ সেই গুলপীয়া দুটি ওঁঠ
মোৰ ভাল লাগে দিয়াচোন
তুমি যে তোমাৰ সপোনবোৰৰ কথা কোৱা
ভাল লাগে কিবা এটা
প্ৰতিটো সময়তে মোৰ খবৰ লৈ থাকা আৰু
কৰবালৈ গলেই মোক কৈ যোৱা
মোৰ কিবা এটা ভাল লাগে
তুমি মোক কৰা সৰু সৰু শাসনবোৰ
মোৰ ভাল লাগে
আৰু
তুমি কাষত থাকিলে
কিবা এটা ভাল লাগে তোমাক
তোমাক এনেয়ে ভাল লাগে দিয়াচোন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)