তোমাৰ খবৰ অনা নদীখনৰ,
এজাক প্রবাল ঢৌৱে মোৰ তিতা ভৰিত লাহে কৈ দিছিল তোমাৰ বতৰা। তেতিয়াই মোৰ মনলৈ আহিছিল
তোমাৰ স্মৃতিৰ কথা,
তোমাৰ ঢাকি ৰখা মুখৰ লগতে
পলকতে হেৰাই পৰা
তোমাৰ টলমলীয়া চকুকিতাৰ কথা আৰু মূহুর্ততে ডুব গৈ
মই শেষ তোমাৰ উশাহত।
কাষত থকা বালিৰ ওপৰেৰে
উৰি গ'ল তোমাৰ ভাবত মুগ্ধ হিয়া।
ঢৌ বোৰৰ মাজেৰে বৈ গ'ল
হিয়া উপচা মৰম,
বতাহত আহিল তোমাৰ গোন্ধ।
হায়!!! মই শেষ তোমাৰ উশাহত।
সিপাৰত থকা তোমাৰ কোমল হিয়াৰ উচুপি থকা শব্দবোৰে
মোক বৰকৈ অশান্তি দিয়ে।
হিয়াখনৰ আৰু ৰ'বলৈ সময় নাই,
আছে মাথো ঠেহ পাতি তোমালৈ।
মই শেষ, মই শেষ তোমাৰ উশাহত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ