দীৰ্ঘ নিশ্বাস•• বিকাশ প্ৰিয়ম দাস

Unknown
0

বুকুৰ ৰক্ত প্ৰবাহে-প্ৰবাহে 
গতিমান কাঁহ-খোলৰ বহু নিশাত
বিয়পি পৰা ফাগুন লগা শীতাষ্ণু বতাহৰ 
কান্ধে ডেউকা পিন্ধি আবদ্ধ হেপাঁহক উজাৰি দিছে সৰ্ব-স্বতন্ত্ৰ দিগন্তত ৷
ই সুঠাম উজ্জ্বলতাৰ ৰঙীন সুগন্ধ সুৰৰ বাটচঁৰা 
ই হৃদয়েৰে বাগৰি অহা  সৰু সৰো-বৰৰ 
ফটিক নিজানিত উৎসাহ - কল্যাণ 
ই নিত্যতাৰ মুক্তি-মুক্তা প্ৰভাত , 
সোণোৱালী 
        জীৱন ধূলি খোজ উৰুৱাই হৃদয়ত গুজি দিয়া মোক্ষৰ অমৃত শব্দস্বৰ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)