নীলা খামৰ চিঠি -ৰাহুল চন্দ

©Admin
0
মৰমৰ...
লৰালিত তোমাক মামৈ তামোল বিচাৰো,তুমি গান গাবলৈ দিয়া, গান ভাল হলে এফাল পাও।হঠাতে আমি ডাঙৰ হলো....ঠিক কেতিয়াৰ পৰা জানো আমি নমতা হলো....তাৰ পিছত তুমি নজনাকৈয়ে এদিন  এখনি চিঠি লিখিছিলোঁ তোমালৈ, যিদিনা ফাগুনৰ আবিৰ সানি পলাশ জোপা ৰাঙলী হৈছিল...মনত পৰেনে ফেব্ৰুৱাৰীৰ সুমথিৰা আবেলিটোলৈ....গোসাই পুখুৰীৰ পাৰে পাৰে তুমি যে খোজ দিছিলা,হাতে - হাত ধৰি তাৰ সতে.... দুচকুত চঞ্চল যৌৱন, ওঁঠৰ ছন্দত মৃদু গুণ গুণ। ফাগুনী দাবানলত জলিছিল আকাশ, বতাহ আৰু...আৰু জলিছিলো ময়ো।কিন্তু কি উপায়! তোমাৰ অজানিতে তুমালৈ লিখা পংক্তি বোৰ মাথোঁ শব্দ হৈয়ে ৰল,মোৰ বুকুৰ পৰা তোমাৰ হৃদয়লৈ যাব পৰা কবিতাৰ সাঁকো খন যে গঢ়াই নহল। জাৰত কোঙা হৈ পৰা পুখুৰীটোৰ দৰেই মইও জৰতাক সাৱটি কেৱল চাই আছিলোঁ, আবেগৰ খুন্দাত বুকু ফাটি ওলাই আহিব বিচৰা কবিতাবোৰ সিদিনাও মৌনতাৰ পথ বাচি মাথোঁ চকুৱেদি বৈ গৈছিল... নিঃ শব্দে।

দুপৰ ৰাতি ৰোমন্থকৰ দৰে পাগুলীচিলো শব্দ বোৰ...আধা গলা মমৰ হালধীয়া পোহৰত লিখিছিলোঁ তোমালৈ...মোৰ প্ৰথম চিঠি।আজিও মামৰে ধৰা আলমাৰিৰ একেবাৰে তলৰ খাপটোত নিতাল মাৰি শুই আছে, তাৰ পিছত ইখনৰ পিছত সি খন কৈ ...অনেক চিঠি...অনেক গল্প...তুমি নজনকৈয়ে পুৰি গল। মই গথা নীলিম চিয়াঁহীৰ আখৰবোৰ তোমাৰ দুচকুৰ কাজল - সুঁতিৰ পৰশ পাবলৈ চিৰকাল তৃষ্ণাতুৰ হৈ ৰল।

শুনাচোন, থাওক সেইবোৰ কথা...আজি বৰ সাহসেৰে লিখিছোঁ,নিজ হাতেৰে চিঠিখন তোমাৰ হাতত গুজি দিয়াৰ মানসেৰে। আজি পঁচিশটা বছৰৰ পিছত যেতিয়া গাৱলৈ ঘূৰি আহিলোঁ... জানিব পালোঁ পঁচিশ বছৰ আগৰ ইতিহাস, তাৰ সতে তোমাৰ যুগ্ম জীৱন পষেক  ৰ মূৰত যতি পৰিছিল...তাৰ অবাঞ্চিত আত্মহত্যাৰ লগেলগে....তাৰ পিছত তোমাৰ ওপৰত পৰিয়াল বৰ্গৰ ধাৰাবাহিক নিৰ্যাতন...অকাল বৈধব্যৰ কাঁইটীয়া যন্ত্ৰণা.....অসহ্য। 

মোৰ যাযাবৰী জীৱনত তুমি তাহানিও আছিলা এতিয়াও আছা... এটি মায়া হৈ...জীয়াই থকাৰ অভিপ্সা হৈ...তোমাৰ সুখী মুখ খনিৰ ময়াময় হাঁহিয়ে মোক চিৰসেউজ কৰি ৰাখিছিল।আজি তোমাৰ মলিয়ন বগা সাজ যোৰে মোৰ অলিক কল্পনাৰ জাল ফালি চিৰাচিৰ কৰিলে।

তুমি বৰ্তমান যত আছা , সেয়া তোমাৰ ঘৰ নহয়, কংক্ৰিটৰ সজা মাত্ৰ ,তাত নাই কোনো যতন,কোনো অনুৰাগ। চহৰৰ নামকৰা মহিলা সংস্থাৰ সৈতে কথা পাতিলোঁ, তাত তোমাৰ দৰে অনেক মহিলাই ৰুচি অনুসৰি বোৱা - কটা, অঙ্কন আদি কৰি উপাৰ্জন কৰে,চৰকাৰী আশ্ৰম। সুখেৰে নিজৰ মতে থাকিব পাৰিবা। যিকোনো প্ৰয়োজনত মোলৈ মনত পেলাব পাৰা... বিনা দিধাই।

কথাটো মনে ধৰিলে আজি সন্ধিয়া ৮বজাত গোঁসাই পুখুৰীৰ পাৰলৈ আহিবা,  সংস্থাৰ পৰিচাৰিকা বাইদেউ আহিব, মইও থাকিম। কথা পাতি চাবা।তাত থাকিলে জীৱনটো অন্ততঃ জীয়াব পাৰিবা।

ইমানখিনি বিশ্বাস মোক কৰিব পাৰা।মনত পেলোৱা আমি একে লগে খেলি ডাঙৰ হোৱা নাই নে! তোমাৰ ওঁঠৰ মৃত হাহিটো মই পুনৰ চাব বিচাৰো , তুমি এপাহি গোলাপ হৈ ফুলি ৰোৱা চিৰকাল, মই থাকিম নীৰৱে নিলগত , নিষিদ্ধ পথিক হৈ সেই গোলাপী আভা চাই , তোমাৰ সুখৰ সুভাষ এ মোক পুনৰ চিৰসেউজ কৰি তুলিব । নহলে যে মই বুঢ়া হৈছোঁ। তুমি বাৰু বুজিচানে? 

 মামৈৰ অভ্যাস এৰা নাই নিশ্চয়।মোলৈ লৈ আহিবা ,খুব ধুনীয়া গান গাম...।আজি কালি ভাল গান গাবলৈ শিকিছু।


চিঠিৰ সিপাৰে....
প্ৰেম ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)