বিদায়-শ্রীদানিয়েল ওৰাং

©Admin
0
দিয়া বিদায় হে মিতিৰগণ
যাওঁ মই আপোন ঘৰলৈ 
যাক সংসাৰত অতি দুখে 
বাট চালোঁ মই পাবলৈ ।
স্বৰ্গ বা স্বৰ্গীয় ঘৰ! কি বিমল চিৰ - সুখৰ ঠাই ।।
তালৈ যাব দিয়া মোক হে প্রিয়গণ বিদায়,
যীচু গৈ আগেয়ে কৰি ,
থৈছে ঠাই মোৰ কাৰণে 
এতিয়া মাতিছে তালৈ
যাওঁ মই আনন্দ মনে ।।
এই পাপ - সংসাৰত সকলো ,
মোৰ দুখ- শোকৰ হ'ল  অন্ত
প্ৰভুৰ যুগুত ঘৰলৈ গৈ
পাম সুখ- শান্তি অনন্ত ।।
নকৰিবা শোক, মিতিৰগণ,
মোক ইয়াত দেখা নাপাই 
এদিন আমি সেই স্বৰ্গত হ'ম 
দেখা -দেখি পুনৰায়।।


            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)