ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৮•নবীন চন্দ্ৰ মেধি

©Admin
0
এক সপ্তাহ পাৰ হৈ গৈছিল । আলোচনীখনৰ সম্পাদনা কামত ব্যস্ত হৈ পৰিছিল । ডি টি পি কৰোঁতে ইমানেই ভুল কৰিছে যে শুধৰণি কৰোঁতে কৰোঁতে আমনি লাগি গৈছিল নিৰ্মল কুমাৰৰ । এবাৰ শুধৰণি কৰিলে ৬১ পৃষ্ঠা , দ্বিতীয় বাৰ আকৌ ৬৬ পৃষ্ঠা আহিল । এইবাৰ শুধৰণি কৰি পঠিয়ালে তাৰ পিছত আকৌ তৃতীয় বাৰলৈ চালে । তিনিবাৰ চোৱা-চিতা কৰাৰ পিছত ছপাশাললৈ পঠিওৱাৰ আগতে শেষ বাৰলৈ আকৌ পিডিএফ দিলে এইবাৰো ভুল দেখা পালে । যাওক যি কৰে কৰকগৈ  । দ্বিতীয় বাৰৰ বাবে আৰু তাত ডিটিপি কৰিবলৈ দিয়া নহ'ব । অভিজ্ঞ লোকৰ দ্বাৰাহে এইবোৰ কাম কৰিব লাগে । যিয়ে চাই চাইয়ো আখৰকেইটা শুদ্ধ ভাৱে লিখিব নাজানে যাৰ বাবে আনৰ সময় আৰু অৰ্থৰ অনৰ্থক ক্ষতি সাধন হয় তেনে লোকৰ পৰা দূৰত থকা ভাল ।  

নিজৰ লিখা মেলা বাদ দি এখন আলোচনী সম্পাদনা কৰিবৰ বাবে ইমান ত্যাগ স্বীকাৰ কৰিব লগা হয় , তাৰ পিছতো যদি মনৰ পছন্দ মতে কাম নহয় তেতিয়া হতাশা আহে । সি গ্ৰুপত আলোচনীখনৰ সম্পৰ্কে আলোচনা কৰিলে । বহুতৰ পৰা ভাল ভাল মন্তব্য আহিল । কিন্তু তাৰ মাজৰে এচাম অকবিৰ মন্তব্য আৰু গ্ৰুপত প্ৰদৰ্শন কৰা কাম কাজে আশাত চেঁচা পানী ঢালে । সি গ্ৰুপৰ পৰা তেনে লোকসকলক বিদায় দিয়াৰ লগতে ফোনৰ যোগাযোগ নম্বৰৰ পৰাও নম্বৰ কাটি পেলাবলৈ বাধ্য হৈ পৰিছিল । কিয় লাগে এনে বন্ধুত্ব ? 

অৱশেষত ৭০ পৃষ্ঠাৰ আলোচনীখন প্ৰেছত দিয়া হ'ল । মাজত মাথো চাৰিটা দিন বাকী আছে । আগন্তুক ১০ মাৰ্চ , ২০২৪ তাৰিখ দেওবাৰে মৰাজান মধ্য ইংৰাজী বিদ্যালয়ত মন্দাকিনীৰ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে । দেখা যাওক বহু বছৰৰ বিৰতিৰ পাছত ন উদ্যমেৰে আকৌ আৰম্ভ কৰিবলৈ আগবঢ়া এই কৰ্মত কিমান দূৰ সফল হ'ব পাৰি । 

ইমান ব্যস্ততাৰ মাজতো সি ভাগিনীয়েকৰ বিয়াৰ কথা পাহৰিব পৰা নাছিল । সঘনাই বায়েক ভিনিহিয়েকৰ ঘৰলৈ অহা যোৱা কৰিব লগা হৈছিল । ভিনিহিয়েকক লগত লৈ বিয়াৰ নিমন্ত্ৰণ কৰি ফুৰিব লগা হৈছে । ইটো সিটো কৰি থাকোঁতে ভাগিনীয়েকৰ বিয়ালৈ উপহাৰ কিনিবলৈ হাতত ধন জমা কৰিবলৈও সময় পোৱা নাই । পাছখালি মানুহ । হাতত ধন নাই বুলিলে এটকাও নাই । দোকানৰ বিক্ৰী বাৰ্তা বিশেষ নাই । লাহে লাহে যেন খেল বেয়ালৈ ঢাল খাইছে । কিমান দিন আৰু এনেদৰে চলিব । ভাগিনীয়েকৰ বিয়াখন যেনেতেনে পাৰ কৰিব পাৰিলে হয় । পিছৰ কথা পিছত চিন্তা কৰিম । 

সি আজিৰ দিনটো অকলে অকলে বিয়াৰ নিমন্ত্ৰণ কৰি পাৰ কৰিলে । নাওজানৰ পৰা সৰুপথাৰলৈকে দদায়েক পেহীয়েক মাহীয়েক বায়েক ভনীয়েকৰ পৰা আৰম্ভ কৰি বায়েকৰ সখিয়েকৰ ঘৰলৈকে কেবাঘৰো নিমন্ত্ৰণ কৰিলে । ৰাতিপুৱা দহ বজাতেই যাত্ৰা আৰম্ভ কৰি ঘৰলৈ উভতি আহিছিল আবেলি চাৰে তিনি চাৰি বজাত । সময়ৰ স'তে খাপ খাই চলিব পৰাকৈ বাইকখন কিনিছিল বুলিহে । নহ'লে পাঁচ ছয় বছৰ আগৰ দৰে হোৱা হ'লে কিমান চাইকেল চলাই ঘুৰি ফুৰিলেহেঁতেন ! 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)