কেতিয়াও ঘূৰাই নাপাওঁ
উন্মনা হৈ উৰি ফুৰা সময়
ক'ৰবাত যে হেৰাই গ'ল
অভিমানী মনটো উৰিব খোজে
কিন্তু সময়ৰ সোঁতত থমকি ৰয় ।
বাস্তৱ পৃথিৱীত কেতিয়াবা
হেৰাই যাঁও বুলি ভয় লাগে
মনলৈ বাৰে বাৰে অতীতৰ
সকলো স্মৃতি ভাঁহি আহে
সেমেকা দুচকুৰ সন্মুখত
অচিনাকি চৰাইজনী সংগী।
ভাললগা আৱেগবোৰ চোন
লাহে লাহে নাইকিয়া হৈছে
চিনাকি ছবিবোৰ আঁতৰি গৈছে
হাজাৰ ভিৰৰ মাজত হেৰাই গ'লেও
সংগ দিম বুলি প্ৰতিশ্ৰুতি দিয়া
বন্ধুত্বৰ সংগবোৰো হেৰাই গৈছে ।
ইমানবোৰ সম্পৰ্ক আছে
অথচ তাৰপিছতো চোন
মই অকলশৰীয়া অনুভৱ কৰোঁ
নিঃসংগতাই চোন আজিও
আগৰ দৰেই নিবিচাৰিলেও সাৱটি ধৰে
নিঃসংগতাৰ যে প্ৰেয়সী মই
সেইবাবে চাগে কেতিয়াও
মোৰ জীৱনৰ আঁতৰি নাযায়
নিঃসংগতাৰ প্ৰেয়সী মই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ