ফাগুনৰ কবিতা••সূৰজ বৰগোঁহাই

Unknown
0
১.
   এটি নিৰ্জন দুপৰীয়া
   ক'ৰেনো সুহুৰিটো ভাঁহি আহে 
   বুকুলে...
   সৰা পাতৰ ধ্বনিত 
   পছোৱাৰ গান 
   কোনে জুৰিলে...?
২.
   ৰঙত মতলীয়া ফাগুন
   পলাশ-শিমলুৰ ফুল নতুন,
   আপোনাৰ ছবিত ৰঙ সিঁচিলে মদাৰে
   মৰমৰ ৰুমালেৰে ঢাকিলে
   মায়াময় দুটি  চকু .....।
৩. 
   গোপন হৃদয়ৰ কথাৰে
   কেতেকীৰ সুৰত
   আবেগৰ গান,
   শুকুলা ডাৱৰৰ ভাঁজত 
   পাতৰ আৰঁত জ্বলে 
   ফাগুনৰ হিমাল জোন .....।
৪.
   কি আবেগত মোৰ বুকুত ৰোলে
   এটি সপোন, 
   স্মৃতিৰ সৰাপাতত সাৰ পালে
   কাৰ চেতন ?
   অভিমানী সন্ধিয়া
   নামি আহে আৱতৰীয়া কুৱঁলী ,
   ফাগুন আহিব বুলি শুনিলো
   ধূলিয়ৰি বাটত হেঙুল গধূলি ....।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)