ফাগুন••মন্দিৰা মৰাণ

Unknown
0
ন পুৰণিৰে মিশ্ৰিত ফাগুন 
হৃদয়ত বীজ অংকুৰিত 
এই বাউলী ফাগুনৰ
পছোৱা বতাহজাকেও লৈ আহে
সৰাপাতৰ তিক্ততাপূৰ্ণ বিষাদৰ বাৰ্তা

ফাগুনে দি যায়
শুকান ধূলিৰ মাজত স্থিতি লোৱা 
অবিশ্বাস্য এক হেঁপাহৰ প্ৰতিশ্ৰুতি 
নতুনত্বৰ সন্ধানেৰে ৰাঙলী সূৰুযলৈ 
হাতমেলাৰ ক্ষণতেই
ফাগুনে কঢ়িয়াই আনে
বহু সপোনৰ নৱসৃষ্টিৰ বাসনা
ফাগুনৰ জোনাকে
প্ৰাপ্তিৰ ৰঙা পোহৰৰ পম খেদি 
নতুন পোহৰক চুই চোৱাৰ সপোন ৰচে
লঠঙা বিৰিখৰ শুকান সৰাপাতেও 
ভালপোৱাৰ ঠিকনা আনি 
প্ৰেমৰ ৰঙা খিনি সিঁচে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)