তুমি মেঘনা•পল উৎপল গোহাঁই

Rinku Rajowar
0
সৃষ্টিৰ আকৰ তুমি মেঘনা
ঢোলৰ চাপৰ শুনিলে ৰব নোৱাৰা
তুমি মেঘনা
বিহুত হাতৰ চাপৰী লৈ
সখীয়তীজনী হৈ বিহুৰ নাম গাই
ডেকাৰ মন বলিয়া কৰা
ৰজনজনাই উঠে বিহুতলী
প্ৰাণ পাই উঠে তোমাৰ কন্ঠত
সেই হেৰাই যাব খোজা
বিহু নামবোৰ,
তোমাৰ হাতৰ পৰশ পাই
জিলিকি উঠে সুন্দৰ ছবিবোৰ
জোনবিৰি,মাদলী আৰু
ধুনীয়া ধুনীয়া গহনা অলংকাৰবোৰ
আৰু
তোমাৰ হাতৰ পৰশত যে
মানুহৰ বৰণো সলনি কৰি
বিভিন্ন ৰূপত সজাই তোলা
তুমি সৃষ্টিৰ আকৰ নহয়নো কি মেঘনা
সচাঁকৈ সৃষ্টিৰ আকৰ তুমি মেঘনা ৷৷

✍️পল উৎপল গোহাঁই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)