অণুগল্প-মৰমৰ পম খেদি•ফাৰুকুদ্দিন আহমেদ

Rinku Rajowar
0
: জীৱনৰ কি পৰিকল্পনা ভাবি থৈছা নীলম
: হোম্....!বহুত ডাঙৰ একো ভবা নাই শ্ৰেখাভ্ৰী
: হʼলেও কিবাটো ভাবি থৈছা, মোক নোকোৱা?
: কিয় তুমি একো ভাবি থোৱা নাই! তুমিওটো কিবা ভাবি থৈছা।
: অহ্টো। কিয় বা নাভাবিম!
: পিছে কোৱা কি ভাবি থৈছা।
: ওহো... মই নকওঁ প্ৰথম, তুমি কোৱা।
: ওম। পিছে শুনা। মই জীৱনৰ পৰা বহুত বেছি একো নিবিচাৰোঁ। বিচাৰোঁ মাথো তোমাক চিৰদিনলৈ।
তুমি কলম হʼবা, মই হ'ম চিয়াঁহী
দুয়ো মিলি পৰিকল্পিত বেটুপাতৰ উকা কিতাপখনত লিখি যাম-- সময়ৰ কবিতা।
: ......
: কান্দিছা কিয়?
: এয়া তুমি মোৰ মনৰ কথা কৈছা নীলম। মই কান্দা নাই। এয়া মোৰ চকুৰে সুখ নিগৰিছে।
: ওফফ...
: মই এইদৰেই তোমাৰ দুবাহুত ক্ষন্তেক জিৰাব বিচাৰোঁ সদায়।

✍️ফাৰুকুদ্দিন আহমেদ
বাইহাটা চাৰিআলি -কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)