সোঁৱৰাই দিয়ে কুলি-কেতেকিয়ে,
কু-কু-কু বুলি।
নৱবৰ্ষৰ আগমন ঘটে বসন্ত ঋতুত
সোঁৱৰাই দিয়ে ন-কুহিপাতে,
সোঁৱৰাই দিয়ে নাচনীৰ
খোপাৰ কপৌ এপাহে।
নৱবৰ্ষৰ আগমন ঘটে বসন্ত ঋতুত,
সোঁৱৰাই দিয়ে ঢোল-পেঁপাৰ মাতে,
নাচনীৰ কঁকালৰ ভাজে-ভাজে।
কিন্তু বসন্ত জানো সকলো সময়তে
নিৰৱ হৈয়ে থাকে।
হঠাতে বসন্তক ওটোৱাই নিয়ে
অচিনাকি বৰদৈচিলাৰ জাকে।
✍️দিব্যজ্যোতি মালো
কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ