বাৰ্তালাপ••মৌচুমী ভূঞা

Unknown
0
ৰিমজিম ~ তুমি সদায় মোৰ হৈ থাকিবা নে ? 
নীৰৱ ~ কিবা সন্দেহ আছে নি ! 
ৰিমজিম ~ সন্দেহ নাই । কিন্তু...... 
নীৰৱ ~ কিন্তু কি ?
ৰিমজিম ~ মোৰ ভয় লাগে কিজানি বা তুমি মোক এৰি গুচি যোৱা । 
নীৰৱ ~ মই  কেতিয়াও এৰি নাযাও ।
ৰিমজিম ~ সময় পৰিস্থিতিৰ দাস । এই সময়ে কাক কোন দিশে লৈ যাই কোনেও নাজানে । মাথো সময়ৰ সৈতে আমি নীৰৱে গতি কৰি থাকো । 
নীৰৱ ~ মই তোমাক প্ৰতিশ্ৰুতি দিছো , সাত জনম আমি দুয়ো দুয়োৰে হৈ থাকিম ।
ৰিমজিম ~ মই সাত জনমৰ কথা নাজানো,  কিন্তু এই টো জনমত মই তোমাক আজীৱন কাষত বিচৰো।
নীৰৱ ~ মই তোমাৰ লগত আছিলো , আছো আৰু জীৱনৰ শেষ উশাহৰ লৈকে মই তোমাৰ কাষত থাকিম ।যিমান এই কাল অমানিশা নাহক কিয় 
ৰিমজিম ~ মোক এৰি নাযাবা । সদায় এই তুমি মোৰ সুখ দুখৰ লগৰী হৈ থাকিবা দেই । 
নীৰৱ ~ মৃত্যুৰ বাদে আন কোনো শক্তিয়ে মোক তোমাৰ পৰা আঁতৰাই নিব নোৱাৰে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)