প্ৰকৃতিৰো লাগেনে ভাগৰ •মনিষা বেগম

Rinku Rajowar
0
ক'ত মুক্ত বিহংগৰ অৰণ্যৰোদন
ক'ত নৈ-নিজৰাৰ ভেটাভেটি 
ক'ত বন-বৃক্ষৰ মৰ্মবেদনা
সিহঁতেও কৰে নেকি 
ৰম্যভূমিৰ সমালোচনা?
নিষ্প্ৰভ হৈ পৰা কুঁৱলী জাকেও
ভাগৰে নেকি?
দুবৰিৰো লাগে নেকি..
দুখ-ভাগৰ কিম্বা অস্বস্তি? 
কুঁৱলীৰ টোপালৰ হেঁচাত সিহঁতেও 
কৰে শোক। 

কাহিনীবোৰেও হয়তো কথা পাতে
প্ৰশ্ন হয় ?
ক'ৰ পৰা,কেতিয়া,কেনেকৈ ....

দিপলিপ্ দুপৰীয়াবোৰতো কেতিয়াবা
বৰষা নামে।
প্ৰশান্তিৰ বাবেও হুমুনিয়াহ মাৰে 
কেতিয়াবা 
অজ্ঞাতে। 
চাগে! সিহঁতেও ভাগৰে
আলাপ কৰে, 
উৎসৱ পাতে,
গীত ৰচে, নৃত্য কৰে।
                
✍️মনিষা বেগম
কামৰূপ অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)