আহা দুখৰ স'তে এটা দিন উদযাপন কৰোঁ
আকাশ খনেই ঘৰৰ চাল হ'লে
আৰু ভাল ।
বাদ্যযন্ত্ৰ একো লগত নানিবা
পেতৰ কেঁচু কুমতীৰ কিৰিলীয়ে হ'ব ।
ঠিকনা হেৰুৱা মানুহৰ স'তে
এবাৰ কথা পাতি চোৱা
বহু গবেষণা লব্ধ সংজ্ঞাৰে ঢুকি নোপোৱা
জীৱনৰ সহজ অৰ্থ সিহঁতে ক'ব ।
আহা উদযাপন কৰোঁ
দুখৰ স'তে এটা দিন ।
✍️ৰাতুল চেতিয়া ফুকন
চৰাইদেউ ।
ৰাতুল চেতিয়াৰ দুখৰ সʼতে এটা দিন পঢ়ি বৰ ভাল পালোঁ
ReplyDelete