তোৰ দেশলৈ-ৰাহুল চন্দ

Rinku Rajowar
0
বন্ধৰ দিনত ১জি. বি . চকুৰ পচাৰতে উৰি যায়। বেলি টোৱে ভটিয়নী খোজ দিছে। গেলেৰীৰ মেটমৰা  ছবি বোৰৰ মাজত তোৰ ছবি এখন দেখি পালোঁ। অকস্মাতে কিবা এটা মনত পৰাত মানিবেগটো খুচৰি চালো, আছে..থৈ দিয়া ভাগেই আছে। তোৰ দিয়া চিঠি, চিঠিয়েইনে সেইখন...বদমাচ!

তথাপি সাঁচি থৈছো আলফুলকৈ, আকৌ লগ পামনে নাপাম তাৰ কোনো নিশ্চয়তা আছে জানো! পালেও জানো তই আগৰ দৰে বদমাচিবোৰ কৰিবি ! পাখি লগা সময় টোৱে তোক ধীৰে ধীৰে ডাঙৰ কৰিছে, শৈশৱৰ সেউজীয়া গুচি  সোণালী কৈশোৰে তোক সাৱটি ধৰিছে। তেতিয়াৰ তই আৰু এতিয়াৰ তই ; কিমান যে গড় মিল।বাৰু হোৱাটোৱেই স্বাভাৱিক!

আজি -কালি মোলৈ বৰ বেছি মনত নপৰে বুলি জানো, উপযাচি কথা পতাৰ অভ্যাস নাই যে ,সেয়ে মইও বাদেই দিছোঁ, কেতিয়াবা খুব বেছিকৈ মনত পৰে। তেতিয়া তোক লগ পাই থকা সময়বোৰৰ কথা ভাবোঁ। কটকটীয়া অনুশাসনৰ মাজতো মোৰ লগত কৰা ধেমালিবোৰৰ কথা, তই দিয়া নামবোৰ, পকেটৰ কলম টো থাপ মাৰি লৈ লুকাই ৰখা, সুবিধা পালেই মোৰ বেগ চেক কৰা...মোৰ ছাৰ্টৰ পকেট হেপিয়াই তই প্ৰায়েই পোৱা ১০ টকীয়াবোৰৰ কথা.....কোনো কথাই পাহৰা নাই।

নাপাই পাইছোঁ তোক, কেনেকৈ পাহৰো ক ' চোন। সেই যে তই টিউচনত ভাই বুলি মাতিছিলি, মনটো হঠাতে খুব ভাল লাগি গৈছিল।কিমান ভাল পোৱা থাকিলে এজন ছাত্ৰই  শিক্ষকক ভাই বুলি সম্বোধন কৰিব পাৰে! সঁচা মিছা নাজানো, তোৰ সম্বোধনত কিবা এটা ভাল লগা আছিল, মন ভাল লগা অনুভৱ। আচলতে এই শব্দটোৰ দুখীয়া আছিলোঁ, তই সমৃদ্ধি আনিলি। সেয়ে হয়তো ভাল পাই পেলালোঁ। ইমানেই বেছি ভাল পালোঁ যে তোৰ দুষ্টামি ভৰা চিঠি খন আজি ছমাহেও পেলাব নোৱাৰিলোঁ। 

এই বোৰ কথা তোক কোৱা নহ'ব কাহনিও, ক'লেও জানো বুজিবি, তোৰ ইন্ষ্টাগ্ৰামৰ পৃথিৱীত "ভাই "শব্দৰ লানি নিছিগা সোত, অসংখ্য মুখ। মোৰতো এটিয়েই।
হ'ব দে, পিছৰ জনমত সহোদৰ হৈ আহিবি যেতিয়া, তেতিয়াহে চাম মোৰ বাহিৰে আৰু কাক ভাই, দাদা পাত। সঁচাকৈয়ে ..... শুন্ ,এই জনমত তো নহ'ল, অহাবাৰ কিন্তু মোৰ ঘৰৰ হৈ উপজিব লাগিব ! মই তোৰ দাদা হম, একেলগে খেলিম, মনৰ কথা পাতিম, হাঁহিম, মই তোক লাহেকৈ টোকৰ এটা মাৰিলেও  তই মাৰ ওচৰলৈ গৈ কান্দি- কাটি ভাওনা খন কৰিবি, মোৰ ৰং, কলম বোৰ চুৰ কৰি লুকুৱাই থবি, মই গালি পাৰিম, তই মুখ উফন্দাবি, আকৌ তোক মৰমেৰে আকোঁৱালি লম, মোৰ আলফুলটি  হৈ থাকিবি, তই ধেমালিতে ঘোঁচা এটা মাৰি দিবি, মইও মাৰি দিম.....তাৰ পিছত খুব হাঁহিম।
চিলা উৰাওঁতে চাবি, মইহে জিকিম!

.... আহিবি দেই, মোৰ আটাইবোৰ খেলনা গাড়ী, বন্ধুক চব তোৰ,
.... চব, যি মোৰ।


অচীন দেশৰ পৰা।



◾ৰাহুল চন্দ
ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)