ৰৈ যোৱা আকৌ এবাৰলৈ-ৰেবিকা বৰা

Rinku Rajowar
0
ৰৈ যোৱা আকৌ এবাৰলৈ
তোমাৰ হাতত হাত ধৰিবলৈ এতিয়াও বাকী আছে
ৰৈ যোৱা আকৌ এবাৰলৈ
ভাল লগা নহয় ভাল পোৱা হৈ...
কাষতে ৰ'ম সদায়,
হাহিঁ-হাহিঁ,খং,অভিমান কৰি
তোমাক তুমি বুলিয়েই সাজি ল'ম
সপোনবোৰক বাস্তৱত তুলি ল'ম
 ৰৈ যোৱা আকৌ এবাৰলৈ
ভাল লগা নহয় ভাল পোৱা হৈ.....
প্ৰকৃতিৰ বুকুত জীৱনৰ সেউজীয়াবোৰ ভগাই ল'ম
জীৱন সংগ্ৰামৰ সুখ-দুখবোৰ মিলাই ল'ম
আঁকোৱালি ল'ম মৰমেৰে দুয়ো-দুয়োৰে হৈ
ৰৈ যোৱা মাথো আকৌ এবাৰলৈ 
ভাল লগা নহয় ভাল পোৱা হৈ....
ভাগৰৰ হুমুনিয়া সামৰিবলৈ 
সদায়েই সাজু তোমাৰ ছাঁয়া হৈ
কান্ধত মূৰ তুলি এপলক জিৰাবলৈ 
সদায়েই সাজু তোমাৰ সমভাগী হৈ
ৰৈ যোৱা মাথো আকৌ এবাৰলৈ 
ভাল লগা নহয় ভাল পোৱা হৈ......

                     
✍️ৰেবিকা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)