ইফতাৰ•ফাৰুক হুছেইন

Rinku Rajowar
0
বহু প্ৰতীক্ষাকৃত ৰমজান মাহ
মোমিন মুছলমানে ৰাখিছে ৰোজা
ধনী দুখীয়া ভেদভাৱ পাহৰিছে সবে
ইবাদত মগন প্ৰকাশ্যে বা নীৰৱে।

ইফতাৰৰ নিমন্ত্ৰণ ৰোজাদাৰৰ বাবে
খেজুৰ আপেল কল অমিতা ৰাখিছে থালে থালে,
পায়স খিছিৰিৰ স'তে মাংসৰ গোন্ধ,
লগতে ভজা মাছ দেখি সবৰে আনন্দ।

বিনা নিমন্ত্ৰণে ইমৰাণ আহিছে
ৰোজা ৰখা নাই বুলি কোনোবাই ফুচফুচাইছে।
ফটা চোলা গাত , পায়জামাটো লেতেৰা
চিলাই কৰা টুপী পিন্ধিছে দুৰ্ভগীয়া বেচেৰা।
ল'ৰাটোৰ বয়স মাত্ৰ ছয় হ'ব
অনাহাৰে পূৰ্ণ দিন কিদৰে কটাব। 

কোনোবাই কৈ দিলে "এই নিমন্ত্ৰণ 
কেৱল ৰোজাদাৰৰ,
কিদৰে আহিলে ইমৰাণ ইয়াত
শাসন নাই অভিভাৱকৰ?"

ইমাম খুড়াই ক'লে সবকে শুনাই
"ইমৰাণ যে ৰোজাদাৰ বিশ্বাস হোৱা নাই?
মন কৰক সি ছাগে পুষ্টিহীনতাত ভূগিছে, 
ভাবিলে গোটেই বছৰ সিও ৰোজা ৰাখিছে,
হয়তো খোৱা নাই সুষম আহাৰ,
আৰ্তনাদেই প্ৰমাণ তেওঁৰ ৰুগ্ন দেহাৰ।
সকলোৱে মিলি কৰোঁ ইফতাৰ,
ধনী দুখীয়াৰ ভেদভাৱ কৰোঁ পৰিহাৰ।"

ইমামৰ কথাত হয়ভৰ দি
কৰিলে প্ৰীতিভোজ সকলো মিলি
আল্লাই স্ৰজিলে জগত নাৰাখি ভেদভাৱ
এয়াই সঠিক সময় সলাবলৈ আমাৰ স্বভাৱ।


ফাৰুক হুছেইন
হাউলী, বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)