অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু বনাম লোকসভাৰ নিৰ্বাচন

Rinku Rajowar
0
নিৰ্বাচন আহিলেই বিহু পায় । অ নহয় , বিহু আহিলেই  নিৰ্বাচন পায়হি । নিৰ্বাচন আৰু বিহু দুয়োটাৰ মাজত যেন কিবা এটা মিল দেখা যায় । 

প্ৰতি বছৰে কিহৰ উদ্ভণ্ডালি এইবোৰ ? অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ বতৰত এই যে নিৰ্বাচনৰ দিন বাৰ ঠিক কৰে , অসমত এই সময়ত যে বিহু আৰম্ভ হয় এই কথা নিৰ্বাচনী বিষয়াসকলে নাজানে নেকি ? কিয় কৰে ভাৰত চৰকাৰে এনে কাম ? ব'হাগ মাহত নিৰ্বাচন নাপাতি বিহু পাৰ হৈ যোৱাৰ পাছত নতুবা বিহুৰ এমাহমান আগতেই নিৰ্বাচন অনুষ্ঠিত কৰিলে কাৰ কি ক্ষতি হয় ? অন্ততঃ অসমীয়াই সমিলমিলেৰে বছেৰেকৰ বিহুটি অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন ! বিহুৰ বতৰত নিৰ্বাচন অনুষ্ঠিত কৰা মানে ৰাজনীতি লৈয়ে সকলো ব্যস্ত হৈ পৰিব । সকলোতে কেৱল ৰাজনীতি আৰু ৰাজনীতি । এইয়া অসমীয়াৰ বাবে উৎসৱৰ সময় । ভৱিষ্যতে যাতে নিৰ্বাচনী বিষয়াসকলে এই কথাষাৰৰ প্ৰতি অলপ নজৰ ৰাখে , মোৰ বোধেৰে মন্ত্ৰী , এম এল এ সকলে নতুবা এম পি সকলে এই কথাত গুৰুত্ব দিয়া উচিত বুলি মই ভাবো।

নবীন চন্দ্ৰ মেধি
গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)