ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড ৪১

Rinku Rajowar
0
ভাগিনীয়েক নিহাৰিকাৰ বিয়াৰ বাবে মোমায়েকৰ বজাৰ কৰা হোৱাই নাছিল । ইমান বিপদৰ সময়ত যে তাইৰ বিয়াখন হ'ল । ভাগিনীয়েকক ভাল উপহাৰ এটা দিবলৈও তাৰ হাতত ধন নাই । ক'ৰবাত ধন অলপ ধাৰে বিচাৰি পায় নেকি বুলি লগৰ এজনলৈ ফোন লগালে । পিছে দৰমহা লাখ টকা পালেও বেচেৰা বন্ধুজনকে নাটে । কি বুজিব দুখীয়াৰ বেদনা । 

বাৰীৰ তামোল খিনি পাৰি বিক্ৰী কৰাৰ কথা চিন্তা কৰিলে । ল'ৰা ছোৱালী দুটাৰ পৰীক্ষাৰ সময়ত মাহেকীয়া মাছুল পৰিশোধ কৰিবলৈ গাঁৱৰে ল'ৰা নয়নৰ পৰা ১২,০০০ টকা লৈছিল । গোটেইখিনি ধাৰ মাৰি শেষ কৰিছিল । হাতত ধন জমা নাথাকিলেই । সেয়ে শনিবাৰৰ দিনা দুপৰীয়া সময়ত সিহঁতক মাতি তামোল খিনি পাৰি নিবলৈ ক'লে । পাঁচ হাজাৰ টকা অতিৰিক্ত ভাৱে বিচাৰিলেও যাতে বিয়াখন পাৰ কৰাব পাৰি । 

সিহঁত দুয়ো ভিনিহিয়েক আৰু খুলশালীয়েক দুপৰীয়া সময়ত আহি তামোল পাৰিবলৈ লাগিল । নিৰ্মল কুমাৰ শৰ্মাৰ আজি দোকান খোলা নহ'ল । ল'ৰা ছোৱালী দুটাইও তামোল বুটলাত সিহঁতক সহায় কৰিবলৈ ল'লে । সন্ধিয়া সময়ত গাড়ী আহি লৈ যোৱাৰ কথা । পিছে গাড়ী নাহিল । চোতালতে তামোলৰ বস্তা কেইটা ঢাকি থৈ সিহঁত ঘৰলৈ উভতি গৈছিল । 

পিছদিনাখন ৰাতিপুৱা চাৰে ন বজাত আহি গাড়ীত উঠাই তামোল খিনি লৈ গ'ল ।  প্ৰতি কুইণ্টলত ২৯০০ টকা দৰত তামোল খিনি বিক্ৰী কৰা হ'ল । ৪৮০ কিলোগ্ৰাম আজি দিয়া হ'ল । অতিৰিক্ত ভাৱে পাব লগা টকা খিনি লোৱাৰ উপৰিও ন‌য়নৰ পৰা আৰু ৫০০০ টকা ধাৰে আনিলে । 

সেই টকাৰ পৰাই ৫০০ টকা মন্দাকিনী আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত খৰচ  কৰিলে আৰু ৪৫০০ টকা খৰচ কৰি ভাগিনীয়েক নিহাৰিকাৰ বিয়াৰ বাবে মুগাৰ মেখেলা চাদৰ এযোৰ কিনি আনি চিলাবলৈ দিলে । অন্ততঃ মোমায়েকৰ ফালৰ পৰা কাপোৰ সাজ দিব পাৰিলেও ভাল পাব । 

মন্দাকিনীৰ উন্মোচনী অনুষ্ঠান সম্পন্ন কৰাৰ পিছত নিৰ্মল কুমাৰে ঘৈণীয়েক ডালিমীক আৰু প্ৰতাপক লগত লৈ ভাগিনীয়েকৰ বিয়াৰ বাবে বায়েকৰ ঘৰলৈ যাবলৈ ওলাল । পৰহীলৈ বিয়া । গতিকে দুদিন আগতেই গৈ ইটো সিটো কামে বনে সহায় কৰি দিলেহে হ'ব । তাতে অকলশৰীয়া মানুহ সিহঁত । ওচৰে পাজৰে এঘৰো নিজৰ জাতিৰ লোক নাই । বিয়া ঘৰৰ কথা । আদিবাসী নেপালী আৰু বেংগলী মানুহৰ হাতেৰে ৰাইজে খোৱা বোৱা কৰিবলৈ টান পাব পাৰে । সেয়ে সিহঁতক তাত থৈ আহিল । ঘৰত কেৱল পৰিণীতা আৰু সিহে থাকিল । 

পিছদিনা মংগলবাৰ । মুগাৰ মেখেলা চাদৰ যোৰ ৰভাতলত পিন্ধাবলৈ সি লৈ যাব লাগিব ।  বিয়া কাইলৈ । গতিকে কাপোৰ সাজ আজি চিলাই কৰি দিব । পিছবেলা সময়ত পৰিণীতাক লগত লৈ নিৰ্মল কুমাৰে বায়েকৰ ঘৰলৈ যাবলৈ সাজু হ'ল । যাওঁতে চাৰিআলিৰ কাষতে থকা দোকানৰ পৰা কাপোৰ সাজ লৈ যাব । বিয়া ঘৰলৈ আজি ভিনিহিয়েকহঁতৰ গাঁৱৰ ঘৰৰ পৰা মানুহবোৰ আহিব  । আবেলি সময়ত ট্ৰেইনেৰে আহি পাবহি । বায়েকে ফোন কৰি মানুহবোৰ অট'ত উঠাই পঠিয়াবলৈ ক'লে । 

ইতিমধ্যে গাড়ীৰ সময় হৈছিল । সিহঁত গৈ দোকানৰ পৰা কাপোৰ সাজ লৈ পোনে পোনে ষ্টেচন পালেগৈ । ক্ষন্তেক সময়ৰ ভিতৰতে যাত্ৰীবাহী ৰে'ল খন আহি পাইছিলহি । ৰে'লৰ পৰা তেৰ চৈধ্য জন লোক নামি আহিছিল । সি মানুহবোৰ চিনি পালে আৰু দুখন অট' ভাড়া কৰি মানুহখিনিক ভিনিহিয়েকৰ ঘৰলৈ লৈ আহিল । পৰিণীতা আৰু সি বাইকেৰেই গ'ল ।  

২০০৯ চনত প্ৰথমবাৰৰ বাবে সি বায়েক ভিনিহিয়েকৰ ঘৰলৈ গৈছিল । তেতিয়াই লগ পোৱা সিহঁতৰ মানুহখিনিৰ লগত বিয়াঘৰতে দুই চাৰি আষাৰ কথা বতৰা পাতিলে । তাৰ পিছত চাহ খাই বিয়াৰ বাবে ব্ৰয়লাৰ আনিবলৈ গ'ল ।  
ভিতৰত আলহী দুলহী মিলি বিয়াৰ কন্যাজনীয়ে কাইলৈ পিন্ধিবলগীয়া সাজপাৰৰ কথা বতৰা পাতিবলৈ ধৰিলে । বায়েক ভিনিহিয়েকে আলোচনা কৰিছে - 

: বুজিছেনে কাইলৈ ছোৱালীক গা ধোৱাৰ পিছত ৰভাতলিত দাসে দিয়া এইযোৰ কাপোৰ পিন্ধাব লাগিব । নহ'লে দাসে বৰ বেয়া পাব । ছোৱালীক কাপোৰ পিন্ধাই ফটো মাৰি ফেচবুকত দিব লাগিব তেতিয়াহে মোমায়েকে বিয়া খাবলৈ আহিব নহ'লে নাহো বুলি কৈছে । 

সেইসময়তে নিৰ্মল কুমাৰে ভিতৰত সোমাইছিল । 

: কোন মোমায়েক অ ? কোন এইজন । আমাৰতো তিনিজন হে ককাই ভাই । এইজন আকৌ ক'ৰ পৰা টপকিল ? 

: দাসৰ কথা কৈছোঁ । 

: কোন দাস ? কেনেকৈ মোমায়েক হ'ল সি ? 

: ভিনিহিয়েৰৰ ককায়েকৰ লগৰ । থানাৰ হাবিলদাৰ । 

: ভিনিহিৰ ককায়েকৰ লগৰ হ'লে মোমায়েক কেনেকৈ হ'ল ? বৰদেউতাক , দদায়েক বা তাৱৈ বুলিহে মাতিব লাগে । মোমায়েক কেনেকৈ হ'ল ? আৰু নিজৰ মোমায়েকে দিয়া সাজযোৰ নিপিন্ধাই আন কোনোবাই দিয়া কম দামী সাজযোৰ পিন্ধাবই যে লাগিব তাৰ কি কথা আছে ? 

: অ নিপিন্ধালে হ'ব নেকি ? আজি এমাহ দিনে কিমান কষ্ট কৰিলে সি । আঙুৰ আপেল আনি খুৱাইছে। আনে দিছে নে ? 

: অ তাৰ মানে তহঁতৰ আঙুৰ আপেল খোৱাৰ চখ । খা খা যিদিনা অচিনাকি বৰ মোমায়েৰে ভালদৰে সাৱতি ধৰি মৰম চেনেহ কৰিব তেতিয়াহে বুজি পাবি । মোমাই চেলাবলৈ আহিছ । 

এইবুলি কৈ সি খঙতে হুৰমুৰাই বাইকখন লৈ ঘৰলৈ উভতি আহিছিল । এনেকুৱা মানুহ হ'ব লাগে নেকি ? নিজৰ ভায়েৰক বিয়ালৈ নামাতি পৰৰ এজনক মোমায়েকৰ চিনাকি কৰাই দিয়াৰ আঁৰৰ তহঁতৰ ৰহস্য জানিবৰ বাকী নাই । অৰ্থলোভী ধনৰ অহংকাৰী লোক তহঁত । নিজে কৃপণালী কৰি আনৰ ধনেৰে মাছ ভাজি খোৱা মানুহ তহঁত ।


নবীন চন্দ্ৰ মেধি
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)