নিশাৰ চন্দ্ৰাৱলীত সাগৰ ভৰা জোনাক।
পিতাইৰ গম্বুজত ইতিহাস বোৰে সাক্ষী হয়
বৃহৎ বৃক্ষত ছাঁ বোৰে জিৰণি লয়।
সুৰীয়া ঋতুৰ উমাল সংগীতত হালি জালি আনমনা হয় সময়ৰ সোঁত।
সজল চকুৰ কাজলৰ ৰেখা অতিক্ৰমি
নামি আহে বেদনাৰ টোপাল
বৈ থকা নদী খন পাহাৰ বগোৱা নিজৰা টি সজল ধাৰাত থাকে উজলি
পিতাইৰ হেঁপাহত মাটি ৰ গোন্ধ
লুতুৰি পুতুৰি হৈ পিতাই চহোৱা মাটি দৰাত বুটলি লয় কেঁচা সোণ।
কাৰ গছকত ককবকা ই পদুলিৰ দুপৰীয়া এটাই।
শেতেলীত চাতি মাতি বাইৰ জীপাল সাধু বাঘৰ বাৰী আৰু পিঠাৰ ঝৰ মৰ শব্দ
ভয় লগা আকাশ খন বুকুৰ আচলত
সময় হলে চৰাই বোৰে মুক্ত বিচৰণ কৰে।
অতীত সুষমাৰ অ আ ক খ ৰ কুঁহি পাতে মাতে।
আই বেজাৰ নকৰিবি।
সাতাম পুৰিয়া পেৰাত অতীত গাঁওখন আছে সাঁচি থোৱাই।
বিৰিঙি থকা উল্লাসত নৃত্য কৰোঁ বহাগ হৈ।
জাক পতা চৰাই বোৰে গীত গাই পিতাইৰ কান্ধত, পিতাই যে বৃক্ষ অতীত ইতহাসৰ।
কেতেকী অ ,বিনাই নাথাকিবি কাষতে আছে তামোল পানৰ বাৰী।
দেখিছোঁ চকুৰ ওপৰেৰে বৈ আছে সহস্ৰ নদীৰে ভৰা চল চলীয়া জলৰাশি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ