ৰূপহীৰ জীৱন - সুৰজিৎ ভূঞা

©Admin
0

ৰূপহী আহি মাকৰ ঘৰ পালেহি । তাই বহু বছৰৰ মূৰত ঘৰলৈ আহিছে তাকো এদিনৰ বাবে । মাক, ককাক আৰু ভায়েকৰ যে কিমান আক্ষেপ তাইক লৈ । তাই যি বিয়া হৈ গ'ল তাৰ পিছৰে পৰা হেনো মাকৰ ঘৰৰ পদূলি পাহৰিয়ে গৈছে । নাপাহৰিবনো কিয় ? কেনেকৈ নো আহিব গাঁঠিৰ ধন ভাঙি ।
ছোৱালী চম্পা আৰু বৃদ্ধ শাহুৱেকৰ আলপৈচান ধৰা তাৰোপৰি আনৰ ঘৰত গৈ কাম কৰি থাকোঁতেই তাইৰ পুৱাৰ বেলি আহি মাৰ যায়গৈ । তাৰ পিছত মাকৰ ঘৰলৈ আহিবলৈ আহৰিনো ক'ত ?
তাইৰো আক্ষেপ । কিযে ঠাইত আহি পৰিলোঁ আইৰ ঘৰৰ পদূলিত গৈ থিয় দিবলৈও সময় নাপাওঁ । আচলতে তাইৰ যন্ত্ৰণা তাইয়ে বুজিব !
বিচনা এৰাৰ পিছত কামলৈ যাব লাগে। আহি আকৌ চম্পা আৰু শাহুৱেকৰ আলপৈচান ধৰা , তাৰ পিছত ঘৰৰ কামবোৰ আছেই । 
তাইয়ো এয়া ভাগ‍্যৰ লিখন ৰূপেই মানি লৈ দৈনন্দিন জীৱন অতিবাহিত কৰি আছে । 
আচলতে বিয়াৰ যি দুই বছৰ পিছতে ৰূপহী স্বামীহাৰা হ'ল তাৰ পিছৰে পৰাই তাইৰ এই জীৱনৰ আৰম্ভণি । 
ঘৰখনৰ উপাৰ্জনৰ মুখ্য উপাৰ্জনকৰ্তা ৰূপহীৰ স্বামীয়ে আছিল আৰু তাকো তাই বিয়াৰ নিচেই কম সময়ৰ ভিতৰতে চিৰদিনৰ বাবে হেৰুৱালে । এতিয়া সেই দায়িত্ব সম্পূৰ্ণ ৰূপে ৰূপহীৰ মূৰৰ ওপৰত । নহ'লে ছোৱালী চম্পা আৰু বৃদ্ধ শাহুৱেক ভোকে- লঘোনে মৰিব লাগিব ।  তাৰ উপৰিও সন্তানৰ খৰচ , শাহুৱেকৰ দৰৱ আদিবোৰ আছেই । কিমান যে গধুৰ দায়িত্ব । 
ছোৱালী চম্পা পঢ়া শুনাত বেছ পাকৈত । এইবাৰ জিলা ভিত্তিত আয়োজিত বৃত্তি পৰীক্ষাতো শ্ৰেষ্ঠ শিক্ষাৰ্থীৰূপে পাছ কৰি চৰকাৰৰ পৰা কিছু আৰ্থিক সহায়ো লাভ কৰিছে । চম্পাই আৰ্থিক সহায় লাভ কৰা মানেই ৰূপহীয়ে কিছু আৰ্থিক সকাহ লাভ কৰাৰ দৰেই । কিয়নো উপাৰ্জনৰ ভাৰ তাইৰ কান্ধতে যিহেতু ।
ৰূপহীৰ বৰ্তমান সময়ত এটাই আশা আৰু অন্তিম ভৰশা ছোৱালী চম্পা । তাইক যিমান কষ্টৰ মাজেৰে হ'লেও পঢ়ুৱাই ভাল চাকৰি অন‍্যথা ভাল কাম এটাত সোমাই দিব পাৰিলে যেন ৰূপহী ৰক্ষা পৰে । জীৱনটো যেন সুচাৰুভাৱে অতিবাহিত কৰিব পাৰে । 
উপাৰ্জনৰ পথ এটাও মুকলি হ'ব ৰূপহীয়েও মানুহৰ ঘৰে ঘৰে কাম কৰি গালি-মাত, নানান ককৰ্থনা আদি শুনাৰ পৰাও মুক্ত হ'ব । 

✍️  সুৰজিৎ ভূঞা
 মেটুৱাকুছি , শান্তি নগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)