পৰিৱৰ্তন - নবীন চন্দ্ৰ মেধি গোলাঘাট

©Admin
0
এই যে দোকানখন দেখিছে এইখন মেধি মাষ্টৰৰ দোকান ।  আৰম্ভণিতে দোকানখন খুলিবলৈ হাতত ধন নাছিল তাৰ । দুই তিনি হাজাৰ টকা হাতত লৈ আৰম্ভ কৰিছিল এখন গোমতি দোকান । লাহে লাহে সি আৰোহণৰ ফালৰ পৰা এটা পয়ঁত্ৰিশ হাজাৰ টকাৰ লোণ আবেদন কৰিছিল আৰু সেইখিনি টকাকে মুলধন হিচাপে লৈ দোকানৰ বস্তু ভৰালে । গোমতিৰ পৰা গৈ গেলামালৰ দোকান খুলিবলৈ আৰম্ভ কৰে । কিন্তু সেই দোকানৰ বস্তু বিক্ৰী কৰি আকৌ মাহেকীয়া কিস্তি পৰিশোধ কৰিব লগা হোৱাত কেইমাহমানৰ ভিতৰতে তাৰ দোকানৰ বস্তু ভৰাবলৈ ধন নাইকীয়া হৈ পৰিছিল । এতিয়া আকৌ গোমতি দোকান হিচাপে চলাবলৈ বাধ্য হৈ পৰিছিল । কিয়নো বিক্ৰী বাৰ্তা বিশেষ নহয় । জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালী আৰু অভিভাৱক সকলৰ ভৰষাত কিমান দিন দোকান চলাব পাৰিব সেয়া ভৱিষ্যতে ক'ব । 

পৰিৱৰ্তন বুজিছেনে পৰিৱৰ্তন । বিজেপি চৰকাৰৰ দিনত সকলো পৰিৱৰ্তন ঘটিল । বিশ পঁচিশ বছৰে শিক্ষকতা কৰি থকা ভেঞ্চাৰ স্কুলৰ মাষ্টৰ জন এতিয়া দোকানী হ'লগৈ । বিড়ি চিগাৰেট চিখৰ চিগনেচাৰ আদি বেয়া বস্তু । এইবোৰ খাব নালাগে বুলি উপদেশ দিয়া শিক্ষকজনেও এতিয়া বিড়ি চিগাৰেট বেচিব পৰা হ'ল । এয়েই পৰিৱৰ্তন । বৃহৎ পৰিবৰ্তন এইখন বিজেপি চৰকাৰৰ দিনত সম্ভৱ হৈছে । চৰকাৰী খণ্ডৰ বিদ্যালয়ত তলা উলমিছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ সকলোৱে ঢাপলি মেলিছে । কম দৰমহাৰে চৰকাৰে দহজনক খটুৱাবলৈ বিচাৰিছে কিন্তু পুৰণি সকলক খেদি নতুনকৈ কাৰোবাক ল'বলৈ বিচাৰিছে । এয়েই পৰিৱৰ্তন । সি কিন্তু কুৰি বছৰে শিক্ষকতা কৰিও চৰকাৰী দৰমহাৰ পৰা বঞ্চিত হৈ ৰৈছিল । সেয়ে এতিয়া শিক্ষকতা কৰা বুলিলে খ‍ং উঠে তাৰ । লাগিলে হাজিৰা কৰি খাম কিন্তু জীৱনত আৰু শিক্ষকতা নকৰোঁ । এনে প্ৰতিজ্ঞা লৈছিল সি । এতিয়া সি হ'লগৈ দোকানী ছাৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)