ধাৰাবাহিক উপন্যাস- " ছবি" (খণ্ড ০৩)-তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
চহৰখনৰ ঘাইপথ  ।
ষ্ট্ৰীট লাইটৰ পোহৰত উৎপল থিয় হৈ আছে। 
সি মনৰ বেজাৰত আহি আহি গাওঁ পাৰহৈ চহৰৰপৰা অহা ঘাই পথটো পালেহি। তাতে সি পথৰ  মূৰৰ আলিটোৰ দাঁতিত থকা দোকান এখনৰ সন্মুখত বেঞ্চ এখন দেখা পালে। অলপ সময় তাতে বহিল। আলিটোৰ মূৰতে দোকান দুখনমান আছে যদিও ৰাতিখন সেইকেইখন বন্ধ হৈ আছে। তাতে অলপ দেৰি সি ৰৈ থাকোঁতে এখন ট্ৰাক আহি তাৰ কাষতে ৰ'ল।
মানুহ তিনিটা ট্ৰাকৰপৰা নামিল। সিহঁতে বটলৰ পানীৰে হাত ধুলে। চকুত অলপ পানী মাৰিলে, মূৰটোত অলপ পানী সানি ল'লে।
উৎপলে সিহঁতকে লক্ষ্য কৰি আছে। সিহঁতেও উৎপলৰ ফালে দুই এবাৰ চাইছে। 
উৎপলে দেখিলে- 
: মানুহ কেইটাই খুটুং খাটাংকৈ বাচন-বৰ্তন উলিয়াই সিহঁতৰ টিফিনত ভৰাই অনা খাদ্য খাইছে।
উৎপলে সিহঁতক চাই থকা দেখি তাৰে এটাই উৎপলক সুধিলে -
: এই ৰাতিখন কি কৰি আছ ? 
উৎপলে ক'লে - 
: মোৰ ঘৰ ওচৰৰ গাঁৱত। মই উজনিৰ চহৰলৈ যাবলৈ আহিছোঁ। 
কেনেবাকৈ আপোনালোকৰ লগতে যাব পাৰিম নেকি বাৰু ?
: নাই, আমাৰ লগত কেনেকৈ যাবি, ইয়াত জেগাই নাই।
মানুহ তিনিজনৰ দুজনমানে আপত্তি কৰিছিল যদিও ড্ৰাইভাৰে তাক লাহেকৈ সুধিলে -
: ক'লৈ যাবি ? আমি দুলীয়াজানলৈ যাম।
: ময়ো তালৈকে যাম।
উৎপলে কোনো চিন্তা নকৰি তৎক্ষণাত তেনেকৈ ক'লে। 
তাক নিবলৈ সন্মত হ'ল। 
: তোক যেনে-তেনে নিম বাৰু, কিন্তু কুকুৰটো নিব নোৱাৰোঁ।
কুকুৰটোক নিব নিবিচৰাত উৎপল টলকা মাৰি ৰ'ল। যোৱাৰ কোনো আগ্ৰহ প্ৰকাশ নকৰিলে।
অলপ পাছত ড্ৰাইভাৰটোৱে ক'লে-
: কুকুৰটোক পাছফালৰ পাইপৰ ওপৰত নিব লাগিব। কিবা হ'লে আমাৰ ৰিক্স নাই।
উৎপলে চালে, -
: পাইপবোৰ ভালকৈ বন্ধা আছে। সি পুচুক গায়ে-মুৰে হাত ফুৰাই দি ক'লে-
: যা,ওপৰলৈ যা। শুই যাবি দেই।
 ট্ৰাকত অহা মানুহ এজনে পুচুক দাঙি পাইপৰ ওপৰত উঠাই দিলে। সি দুবাৰমান ভয়ে ভয়ে তললৈ চালে। 
উৎপলে ক'লে-
: শুই থাক।
সি যেন উৎপলৰ কথা শুনিলে। 
লাহেকৈ পাইপৰ ওপৰত সি তাৰ শোৱা ঠাই বিচাৰি শুই পৰিল।
 ৰাতি গাড়ী তীব্ৰ বেগেৰে চলিল। উৎপলে ভৰি-হাত কোচাই বহি ল'লে। তাৰ চিন্তাত তত্ নাই, পুচুৰ কিবা অসুবিধা হয় বুলি। ঘূৰি চালেও তাক দেখা নাপায়। সি মনে মনে ঈশ্বৰকে চিন্তা কৰিবলৈ ধৰিলে- 
: হে প্ৰভু, পুচুৰ যাতে একো অপকাৰ নহয়।
উৎপলে গাড়ীৰ সন্মুখৰ গ্লাচেৰে বাহিৰলৈ চাই আহিছে। দীঘল সাপ এটাৰ দৰে ৰাজ আলিটো কেইবাটাও ভাঁজ লৈ পৰি আছে। মাজে মাজে সন্মুখৰ পৰা দুই এখন গাড়ী আহিছে। ৰাতি ইমান গাড়ীৰ  ভিৰ নাই, দুই এটা কুকুৰ, মেকুৰী গাড়ীৰ সন্মুখেদি দৌৰি পাৰ হৈ গৈছে। এবাৰ এটা কুকুৰ পাৰহৈ যাওঁতেই গাড়ীখনত খুন্দা খাই চিঞৰি উঠিল। ড্ৰাইভাৰে ক'লে -
: সি যাব যেন পাইছোঁ। উপায় নাই, নিজে আহি মাৰিছেহি। মই তাক বচাবলৈ গ'লে খালত পৰিব লাগিব।
: উৎপলে ভয় খালে। সি যেন আগলৈ চাই আহিবলৈ ভয় কৰিছে। সন্মুখৰ পোহৰটোলৈ চাই থাকি তাৰ চকুযোৰত পোৰণি উঠিছে। সি লাহেকৈ চকু দুটা মুদি দিলে।
: টোপনি নাহিব বুলি ভবা উৎপলৰ এটা সময়ত টোপনিয়ে হেচি ধৰিলে। তাৰ মূৰটো বাৰে বাৰে আগলৈ হালি আহিছে। সি সাৰ পাই যায়। আকৌ ভালকৈ বহি লয়, পুনৰ টোপনিয়াই। এনেদৰে টোপনিয়াই আহাত,তাৰ ডিঙিটোত বিষ বিষ অনুভৱ হ'ল। বহি থকা চিটটোৰপৰা পিচলি আহি পৰো যেন হোৱাত সি আকৌ পোন হৈ ভালকৈ বহি লয়। ওচৰৰ মানুহজনে ক'লে -
: খুব টোপনি মাৰিছ। মই কেইবাবাৰো হালি যোৱা মূৰটো পোনাই দিছোঁ।
উৎপলে একো নকলে। 
: দীঘল হামি এটা মাৰি চকুযোৰ মোহাৰি সি ভালকৈ বহি থাকিবলৈ চেষ্টা কৰিলে। 
: কাষৰ গ্লাচখনেৰে বাহিৰলৈ চালে। পথৰ দাঁতিত থকা গছবোৰ এজাক দৈত্যৰ দৰে সিহঁতৰ লগে লগে দৌৰিবলৈ ধৰিছে, তাৰ তেনে লাগিল। : আন্ধাৰ পোহৰৰ মাজে মাজে অনেক ভাৱনাই তাক বেৰি ধৰিছে। 
:এইবাৰ এঠাইত গাড়ী ৰখালে। সকলো গাড়ীৰপৰা নামিল। উৎপলক ড্ৰাইভাৰে ক'লে- 
: নামি আহ, ইয়াতে পেচাব কৰি ল।
সি নামি ওপৰলৈ চালে, নাই পুচুক দেখা পোৱা নাযায়। সি মানুহ কেইটাৰ লগে লগে গৈ পেচাব কৰি আহিল। মানুহ কেইটা এখন চাহ দোকানত সোমাল। উৎপলে গাড়ীৰ ফালে খোজ ল'লে। 
ড্ৰাইভাৰটোৱে ক'লে - 
: আহ্ চাহ খাবি।
উৎপলে ক'লে -
 : নাই নাখাওঁ।
ড্ৰাইভাৰ জনে ক'লে -
: মই খুৱাম আহ।
: নালাগে।
: বেলেগ কিবা এটা খাবি, আহি।
যাওঁ-নাযাওকৈ উৎপল তেওঁৰ লগত গ'ল। সিহঁতৰ লগত সিও চাহ বিস্কুট খালে। আকৌ আহি আগৰ চিটত ভালকৈ বহি ল'লে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)