তুমিও আহিবা এদিন চানডুবিৰ বাকৰিলৈ-জিতু মণি দাস

©Admin
0
বসন্তই কুঁহিপাত
মেলাৰ দৰে
শীতৰ আৱৰণ পিন্ধি
তুমিও অহিবা এদিন
চানডুবিৰ বাকৰিলৈ ,

১৮৯৭ ইং চনৰ
বৰভূঁইকপৰ দ খাৱৈ
চান্দ সদাগৰৰ নাও ডুবি
খোদিত হোৱা আমাৰ
প্ৰাণ চঞ্চলা চানডুবি বিল,

এসাগৰ এটা সপোন লৈ
জাতি ধৰ্ম নিৰ্বিশেষে
আহি বিলীন হয়
চানডুবিৰ সেউজীয়া বতাহ
কিম্বা চৰাইৰ সুহুৰি
নাইবা নৌকাবিহাৰৰ
অনাবিল আনন্দত ,

চানডুবিৰ বতাহজাকত কেতিয়াবা
যৌৱনা গাভৰুয়ে চাদৰ উৰুৱাই 
নিমিষতে সাজি লয় তেওঁলোকে
যৌৱনৰ সোণোৱালী ভৱিষ্যত ,

এদিন আহিবা তুমি
চানডুবিৰ বাকৰিলৈ
নাঙঠা গছজোপাৰ তলত
গাৰো পাহাৰৰ ফাকেৰে
উদিত হোৱা বেলিটোলৈ চাই
মই শুনাম তোমাক
এটা সমন্বয়ৰ গান
নাইবা চানডুবিৰ কবিতা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)