কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

©Admin
0
১/
কণৰ মাটিত
গজিছে বন,
ইবাৰো সম্ভৱ
পৰিব ছন।

২/
বহল হল
সজা হ'ল,
খিৰিকী নাই
কিনো হ'ল!

৩/
চেলুনত নাকাটি
নাপিতে চুলি-দাড়ি,
বেলুন ফুলাইছে
মজিয়াত ঢাৰি পাৰি।

৪/
বতৰ ডাৱৰীয়া
কি কৰোঁ ডাঙৰীয়া,
ডাঙৰি আনিবলৈ
উপায় নাইকীয়া।

৫/

খিৰিকীৰে দি
পাঁচটা সিকি,
ৰিকিয়ে আছে
গানহে শিকি।

৬/
চল বুজি শিয়ালে
মাৰি গৈ চোঁচা,
গাঁতৰ পৰা আনিলে
কুঁহিয়াৰ একোছা। 

৭/
কাছই খুলি
পিঠিৰ চলং,
কলঙত দিলে
এখন দলং।

৮/
কেটেং-মেটেং
চেমনীয়াৰ জাক,
চেলেং-পেতেং
তাহাঁতৰ বাক। 

৯/
উদং পথাৰ
মুকলি আকাশ,
গাঁও গৰকিছোঁ
চাবলৈ ৰাস।

১০/

চোলাৰ জেপৰ
সোণ তোলা,
ক'তনো থ'লি
হঞে ভোলা? 

১১/
ভেনা মাখিৰ
কেণা লাগিল,
মৰাশৰ সলনি
মৌত  পৰিল।

১২/

দেখি ধূলি পৰা
গাড়ীৰ বনেট,
মনেটে তাতেই
লিখিলে ছনেট।

১৩/
মাধুৰীৰ মধুৰি
মধুৱে নিলে,
মাকে জানি তাক
দুচৰ দিলে। 


১৪/
বুঢ়ীয়ে গাত
চাদৰ উৰি,
ছাদত বহি
খাইছে মুড়ি। 

১৫/
ৰূপ নগৰৰ
ৰূপহ কোঁৱৰ,
পহুৰ নেজেৰে
বনাই চোঁৱৰ। 

১৬/ 
অনিলে আনিলে
নীলাই নিলে,
সুযোগ বুজি যোগে
সকলো পিলে।

১৭/
পলুৰ লেটা
ডাঙৰ নেতা,
আঞ্জা দিয়ে
হেতা হেতা।

১৮/
হোঁকোৰা-বাঘে
মোকোটা মাৰি,
ভেড়া বধি বধি
ভৰালে গাড়ী।

১৯/
খটৰাৰ তৰাই
ভাঙিলে কঁতৰা,
দহিকতৰাই দিলে
তাৰেই বতৰা।

২০/
চাহীয়ে কামত
কৰেনে হেমাহি,
তাকে চাবলৈ
আহে বালিমাহী।
******************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)