মায়া আৰু জিয়া- চুমিন্দ্ৰ চৌধুৰী

©Admin
0
( দ্বিতীয় বিশ্বযুদ্ধৰ এটা সত্য কৰুণ কাহিনীৰ কাল্পনিক ৰূপত উপস্থাপন)

"মি থামেইন  চা পি পি  লা?"

হঠাত চালিখনৰ সন্মুখৰ পৰা ভাঁহি অহা মাতষাৰ শুনি  আচানবি থতমত খাই উঠিল। আচানবিয়ে আঁৰকাপোৰখন টানি দেখিলে কেচুৱা এটা পিঠিত বোকোচা বান্ধিলৈ দহ-বাৰ বছৰীয়া কিশোৰী এজনী ঠিয় দি আছে। 
ছোৱালীজনীয়েনো কি কৈছে আচানবিয়ে বুজিপোৱা নাছিল । জীৰ্ণ শীৰ্ণ শৰীৰৰ ছোৱালীজনীৰ কৰুণসনা মুখখঁন দেখি তাই হাত বাউল দি  তাইক চালিখনৰ ভিতৰলৈ মাতিলে। 

তাইৰ সঁহাৰি পোৱা মাত্রকে বোকোচাত থকা কেচুৱাটোৰ সৈতে ছোৱালীজনী ভিতৰলৈ সোমাই আহি পুনৰ তাই  ক'লে,"মি থামেইন  চা পি পি  লা?"

"নাডো চা চিয়াচিটে।" আচানবিয়ে কি ক'ব কি নক’ব ভাবি থাকোঁতেই গাদীখনৰ এচুকত বহি থকাৰ পৰাই মাকে ছোৱালীজনীক প্ৰতুত্তৰ দিয়া দেখি তাই মাকৰ ফালে ভেবা লাগি চাই ৰ'ল। 

তেনেদৰে তাই অবাক হৈ চোৱা দেখি মাকে ক'লে, "এইজনী বাৰ্মিজ ছোৱালী। মাক দেউতাকৰ সৈতে চাগে বাৰ্মাৰ পৰা পলাই আহিছে। তাই বাৰ্মিজ ভাষাত আমি পুৱাৰ আহাৰ খালো নে সুধিছে । আমি খালো বুলি মই  তাক উত্তৰ  দিছো ।"

আচানবিৰ মাকৰ জন্মস্থান হৈছিল মণিপুৰ আৰু বাৰ্মাৰ সীমা কাষৰিয়া কামজঙত। সেই  সূত্ৰে মাকে অলপ অচৰপ বাৰ্মিজ ক'ব পাৰে । গতিকে শিবিৰত থকা বাৰ্মিজ মানুহবোৰৰ সৈতে ভাবৰ আদান-প্ৰদানৰ সমস্যা কিছু পৰিমাণে হ'লেও কমিব বুলি উমান কৰিব পাৰি আচানবি অলপ আশ্বস্ত হ'ল ।
"এই  মৈতৈলিন নাঙ্গানবা হে ।"

দূৰ্বল ছোৱালীজনীয়ে "মই মেইটিলন ক'ব পাৰো" বুলি কোৱা শুনি মাক আৰু আচানবিয়ে বিষ্ফোৰক নেত্রে  তাইলৈ চালে । বাৰ্মিজ ভাষাৰ লগতে মৈতৈলিনো ক'বপৰা ছোৱালীজনীৰ বিষয়ে বিশদ জানিবলৈ দুয়ো উৎসাহিত হৈ পৰিল।

" আইজনী আহা ভিতৰলৈ সোমাই আহা।"
আচানবিৰ মাকে ছোৱালীজনীক চালিখনৰ তললৈ মাতিলে। 

তাই ভিতৰলৈ সোমাই অহাৰ লগে লগে আচানবিৰ মাকে বোকোচাত বান্ধি লৈ অহা  কেঁচুৱাটোক গাদীখনত বহুৱাই দিলে। মাকৰ চকুৰ ইংগিত পাই ছোৱালীজনী ও কেঁচুৱাটোৰ কাষতে গাদীখনত বহি পৰিল।  । বহি লৈ তাই থালখনৰ পৰা শিবিৰত বিতৰণ কৰা ৰুটি আৰু ভাজি এচিকুট কেঁচুৱাটোৰ মুখত সুমুৱাই দি নিজেও খাবলৈ ধৰিলে।

লগত কোনো অভিভাৱক নথকা ছোৱালী দুজনীক দেখি আচানবিৰ মনটো কিবা এক অবুজ বেদনাত উথলি উঠিল। সেয়েহে ছোৱালীদুজনীৰ মাক-দেউতাকৰ বিষয়ে জানিবলৈ আচানবিৰ মনত বহুত কৌতুহল উপজিল। আহাৰ খাই থকাৰ মাজতে মাকে ছোৱালীজনীক সিহঁত কৰ পৰা আহিছে ঘৰত কোন কোন আছে  আদি প্ৰশ্ন কৰিবলৈ ধৰিলে। 
আচানবিৰ মাকে কৰা প্ৰশ্নৰ উত্তৰত ছোৱালীজনীয়ে  দুবছৰীয়া কেঁচুৱাজনী তাইৰ ভনীয়েক জিয়া আৰু তাইৰ নাম মায়া বুলি পৰিচয় দিলে ।  সিহঁতৰ মাক দেউতাক এজনো নাই ।  এবছৰ আগতেই হেনো সিহঁত বাৰ্মাৰ হোমালিন নামৰ ঠাইখনৰ পৰা পলাই আহিছিল।  সিহঁতৰ দেউতাক এজন বাৰ্মিজ সৈনিক আছিল।  যুদ্ধৰ আগত সিহঁত চিন্দউইন নদীৰ পাৰত হোমালিন নামৰ চহৰখনত আছিল। বিগত বছৰ জাপান আৰু বাৰ্মাৰ মাজত হোৱা লানত  দেউতাক হেনো গম্ভীৰ ভাৱে আঘাত প্ৰাপ্ত হৈ ঘৰলৈ উভতি আহিছিল। ঘৰত দেউতাক চিকিৎসাধীন হৈ থকাৰ সময়তে জাপানৰ হাতত বাৰ্মাৰ পৰাজয় হৈছিল। সেই খবৰ পোৱাৰ পাছত দেউতাকে মাক আৰু সিহঁতক লগত লৈ নৰীয়া গাৰেই  মণিপুৰলৈ পলায়ন কৰিছিল। জাপানে বাৰ্মা দখল কৰাৰ পাছত বাৰ্মিজ সৈন্যবোৰে জাপানীজ সৈন্যৰ হাতত অত্যাচাৰৰ বলি হোৱাৰ আশংকা কৰি চিন্দউইন  নদী পাৰহৈ যেনিতেনি পলায়ন কৰিছিল। অসুস্থ গাৰে দেউতাকে এহাতে মায়াক আনহাতে কাপোৰ কানিৰ টোপোলা এটা হাতত লৈ মাকে জিয়াক লগত লৈ মাজনিশা হোমালিন এৰি আহিছিল।  সেই ৰাতিয়েই নাওৰে অজস্ৰ মানুহ চিন্দউইন নদী পাৰ হৈছিল।  মায়াহঁতো নাওৰে  নদী পাৰ হৈ গোটেই নিশাটো খোজকাঢ়ি খোজকাঢ়ি আহি পূবে ঢলফাত দিয়াৰ সময়ত এখন গভীৰ জংঘলত উপস্থিত হৈছিল। ভোকে লঘোনে কঠোৰ পৰিশ্ৰম কৰাৰ পাছত মায়াহঁতৰ দেউতাকৰ শাৰিৰীক অৱস্থা অত্যন্ত শোচনীয় হৈ পৰিছিল। দহবছৰীয়া মায়াৰ কান্ধত ভৰ দি ঠৰক বৰক কৈ কিছুদুৰ বাটকুৰি বাই আহি হঠাৎ দেউতাক পথৰ দাঁতিত ঢেৰমেৰাই বাগৰি পৰিছিল। দেউতাক তেনেদৰে অজ্ঞান হৈ পৰাৰ লগেলগে মাকে ইনাই বিনাই কান্দিব ধৰিছিল।  দেউতাকৰ মৃত্যু হোৱা বুলি ভয়খাই মায়াইয়ো কান্দোনত ভাঙি পৰিছিল। এই পৰিস্থিতিত দেউতাক নাথাকিলে সিহঁত কলৈ যাব কি কৰিব ভাবি মায়া উৎকন্ঠিত হৈ পৰিছিল।  মাক আৰু মায়াই কান্দিবলৈ ধৰা দেখি জিয়াইয়ো কান্দিব ধৰিছিল। সিহঁতে তেনেদৰে কন্দা কটাখন লগোৱাৰ লগে লগে কিছুমান মানুহ আহি দেউতাকৰ চকুৱে মুখে পানী চটিয়াই দিছিল। দুই এজনে ভৰি-হাতৰ তলুৱাবোৰ পিটিকি মালিচ কৰি দিছিল।  

কিছুসময়ৰ পাছত দেউতাকৰ সংজ্ঞা ঘুৰি আহিছিল যদিও ঠিয় হ'বলৈ গাত অকণো শক্তি নাছিল। মায়াৰো ভোক আৰু পিয়াহত মুখ শুকাই গৈছিল। মাকে সিহঁতৰ সেই  অৱস্থাৰ উমান পাই টোপোলাত বান্ধি অনা খাদ্য বস্তু উলিয়াই দেউতাক আৰু মায়াক খাবলৈ দিছিল। সিহঁতে খাই বৈ লোৱাৰ পাছত মাকে দেউতাকৰ শৰীৰৰ কেঁচা ঘাবোৰত মলম খানি দিছিল। 

মায়াহঁতৰ পৰিয়ালৰ আটাইকেইজন ভাগৰি পৰিছিল। কিছুমান ভগনীয়া মানুহে পথৰ দাঁতিত বস্তা কাপোৰ আদি পাৰি বিশ্ৰাম কৰিবলৈ যো-জা কৰা দেখি মাকেও এডাল গছৰ তলত কাপোৰ পাৰি দি মায়া আৰু দেউতাকক কিছু সময়ৰ বাবে শুই আৰাম কৰিবলৈ দিছিল। 

পুৱাৰ কোমল ৰ’দত গছৰ ছাঁত শুই দিয়াৰ লগে লগে ভাৰাক্ৰান্ত হৈ পৰা মায়াহঁত গভীৰ নিদ্ৰাত ঢলি পৰিছিল। ভৰদুপৰীয়া চোকা ৰ'দ গালে মুখে পৰাত টোপনিৰ পৰা সাৰপাই মাকে মায়া আৰু দেউতাকক গাত হেঁচুকি টোপনিৰ পৰা জগাই দিছিল । 

 মায়াহঁত শুই থাকোঁতেই  বাকীবোৰ লোক সেই ঠাইৰ পৰা ইতিমধ্যেই আতৰি গৈছিল। নিৰ্জন অৰণ্যৰ সেই অকলশৰীয়া পৰিবেশত মায়াৰ মাক-দেউতাকে অসহায় অনুভৱ কৰিছিল। সকলোতকৈ চিন্তনীয় কথাটো  হৈছিল সিহঁত গভীৰ টোপনিত শুই থকা অৱস্থাত কোনোবা ধূৰ্ত লোকে মায়াহঁতৰ মাকে ভাৰ বৈ অনা খাদ্যৰ টোপোলাটো চুৰ কৰি লৈ গৈছিল। খাদ্যৰ অভাৱত দূৰ্গম জংঘলৰ মাজত পেটৰ ক্ষুধাতসিহঁত আটাইকেইটাই  নিৰ্ঘাত মৰিব লাগিব বুলি মাক উৎকন্ঠিত হৈ পৰিছিল।  

বাকীবোৰ মানুহতকৈ সিহঁত যঠেষ্ট দূৰ বাট পিছ পৰি ৰৈ গৈছিল বাবে দেউতাক আতংকিত হৈ পৰিছিল । জংঘলত ভৰি থকা বাঘ ঘোঙ আদি বনৰীয়া জন্তৰ ওপৰিও জাপানীজ সৈন্যৰ  সৈতে মুখামুখি হ'ব লাগিলে অথন্তৰ ঘটিব বুলিও দেউতাকে ভয় খাইছিল । তাৰোপৰি শাৰিৰীক দূৰ্বলতাৰ বাবে তেওঁ খোজকাঢ়িবলৈ অপৰাগ হৈ পৰিছিল। সেইবাবে দেউতাকে তেওঁক তাতেই এৰি থৈ  মায়া আৰু জিয়াক লগত লৈ মাকক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছিল। 
মাক আৰু জিয়াই বাপেকৰ সেই প্ৰস্তাৱ কোনো পধ্যেই মানি ল'ব পৰা নাছিল।  দেউতাকে মায়া আৰু মাকক ডিঙিত সাৱটি ধৰি কান্দি কান্দি তেওঁৰ কথা শুনিবলৈ অনুৰোধ কৰিছিল। দেউতাকৰ সেই অসহায় মুখখন দেখি মায়াই উচুপি উচুপি কান্দিছিল । খাবলৈ নাপাই মৰিলে হজিলেও বাপেকক তাই কোনো পধ্যেই এৰি থৈ নাযায় বুলি জনাই দিছিল।  

মায়াহঁতে তেনেদৰে কন্দা-কটা কৰি থকাৰ সময়ত হঠাত এগৰাকী বুঢ়ী মানুহ সিহঁতৰ ওচৰ চাপি আহিছিল।  খোজ কাঢ়িবলৈ অসমৰ্থ কাৰণে হেনো নিজৰ লৰাহঁতে মানুহ গৰাকীৰ হাতত কিছু খাদ্য পাতি দি তাতেই এৰি থৈ গৈছে । জংঘলৰ মাজত  উপায়ন্তৰ হৈ অনাই বনাই ঘুৰি ফুৰি থাকোতে  মায়াহঁতে কন্দা-কটা কৰা শুনি কাষ চাপি আহিছিল। 

ভৰ দুপৰীয়া বুঢ়ীৰ উপস্থিতিত মায়াৰ মাক-দেউতাকৰ মনলৈ অলপ সাহস ঘুৰি আহিছিল। তাতে বুঢ়ীৰ  হাতত কিছু খাদ্যবস্তু থকা বুলি জানিবলৈ পাই মনৰ দূৰ্ভাৱনা কিছুপৰিমানে আতৰি গৈছিল। পাছে  মায়াৰ দেউতাকৰ শোচনীয় অৱস্থা দেখি বুঢ়ী মানুহ গৰাকীও চিন্তিত হৈ পৰিছিল।  

সিদিনাখন মাকৰ পৰামৰ্শমতে মায়াহঁতে যাত্রা সিমানতে স্থগিত কৰিছিল।  বুঢ়ী মানুহজনী আৰু মাকে লুংলুঙীয়া  পথটোৰ দাঁতিত গছৰ শুকান পাত আৰু কাপোৰ পাৰি এখন গাদী  তৈয়াৰ কৰিছিল। মাক আৰু তাই ওচৰে পাজৰে পৰি থকা গছৰ শুকান ঠাল ঠেঙুলি কিছু সংগ্ৰহ কৰি আনিছিল। বাঘ ঘোঙ আদি হিংস্ৰ জন্তুৱে জুই দেখিলে ভয় খাই। সেইবাবে বুঢ়ী মানুহ জনীয়ে জংগলৰ মাজত ৰাতিটো জুই ধৰি  থাকিবলৈ পৰামৰ্শ দিছিল। 

সন্ধিয়া নামি অহাৰ লগে লগে মায়াহঁত আশ্ৰয় লৈ থকা ঠাই ডোখৰত পৰিবেশ অত্যাধিক জয়াল আৰু বিপদজনক হৈ পৰিছিল। লগতে তাইৰ দেউতাকৰ তীৰকঁপে জ্বৰ উঠিবলৈ ধৰাত মাক আৰু মায়া দুয়ো চিন্তিত হৈ পৰিছিল। বুঢ়ীমানুহ গৰাকীয়ে সিহঁত কঅভয় দি গাদীখনৰ কাষত একুৰা জুই ধৰি লৈ মাকৰ লগত কথা পতাত ব্যস্ত হৈ পৰিছিল। ৰাতিটো জুই কৰা যাতে জ্বলি থাকে আৰু বনৰীয়া জন্তুৱে যাতে সিহঁত শুই থাকোতে একো বিঘিনি ঘটাব নোৱাৰে তাৰ কাৰণে বুঢ়ীমানুহ গৰাকী আৰু মাকে পাল পাতি পহৰা দি থাকিব বুলি সিদ্ধান্ত লৈছিল।  বুঢ়ী গৰাকীৰ সৈতে সুখ দুখৰ কথা পাতি থকাৰ মাজতে মাকে ঠেনঠেনাই থকা জিয়াৰ ভোক গুচাবলৈ গাদীখনৰ এচুকত বহি তাইক বুকুৰ মাজত সুমুৱাই লৈছিল। ঠিক তেতিয়াই  জংঘলৰ মাজৰ পৰা ভাঁহি অহা এজাক শিয়ালৰ হোৱা শুনি মায়া ভয়ত পেপুৱা লাগিছিল। তাই একেকোবে গৈ মুকলি আকাশৰ তলৰ গাদীখনত পৰি থকা অসহায় নৰীয়া বাপেকৰ বুকুৰ মাজত  সোমাইছিল। তীব্ৰ জ্বৰত ফোঁপাই থকা বাপেকৰ শৰীৰৰ উত্তাপ সহিব নোৱাৰি মায়াই মাকে অলপ আগতে মুৰত পটি দি থকা কাপোৰ খন পুনৰ চেঁচা পানীত ডুবাই দেউতাকৰ কপালত দিছিল । তেনেদৰে কেবা বাৰো  ঠাণ্ডা পানীত ডুবাই কাপোৰৰ পটি দিয়াৰ পাছত দেউতাকে ফোঁপাবলৈ এৰাত মায়া পুনৰ দেউতাকৰ কাষত দীঘল দি পৰিছিল। 
মায়াৰ কাৰণে পৃথিৱীৰ আটাইতকৈ সাহসী, বলী আৰু মৰমৰ মানুহজন আজি অসহায় আৰু অসমৰ্থ হৈ পৰি থকা দেখি মায়াৰ বুকু বিষাদৰে ভৰি পৰিছিল।  বাপেকৰ সেই অৱস্থা দেখি মায়াই ভীতিবিহ্বল হৈ পৰিছিল।  দেউতাকৰ যদি কিবা হয় সিহঁতৰ কি অৱস্থা হ'ব? জাপানীজে বাৰ্মা আক্রমণ কৰা পাছত দেউতাক হোমালিন নথকা সময়তে জিয়াৰ জন্ম হৈছিল। ডাক্তৰে মাক নাবাচিব বুলিয়েই কৈছিল।   যুদ্ধৰ সেই বিভীষিকাময় পৰিস্থিতিত বংশ পৰিয়াল সকলো আহি মায়াহঁতৰ ঘৰত উপস্থিত হৈছিল। এফালে দেউতাক যুদ্ধলৈ গৈ ঠিকনা বিহীন হৈ পৰিছিল আৰু আনফালে মাকে হাস্পতালৰ বিচনাত মৃত্যুৰ সৈতে যুঁজি আছিল কিন্তু তেতিয়া মায়াই ইমান ভয় খোৱা  নাছিল।  কাৰণ তাইৰ দৃঢ় বিশ্বাস আছিল তাইৰ দেউতাক এজন বলী আৰু সাহসী সৈনিক। দেউতাকে সদায়েই তাইক কৈছিল "অকল সৈনিকৰে নহয় সকলো মানুহৰেই মৃত্যু হয়। জীৱন মানেই হ'ল মানুহে খেলা বিভিন্ন প্ৰকাৰৰ খেল। যুদ্ধও হৈছে  মাত্র খেলা । এই খেলখন খেলি মৃত্যু মুখত পৰিলে চিৰকাল আকাশত তৰা হৈ পৃথিৱীখন চাই  থকাৰ সুযোগ পোৱা যায়। "
মায়াৰ সম্পূৰ্ণ বিশ্বাস আছিল দেউতাকে আহি সিহঁতক ৰক্ষা কৰিব। সিহঁতৰ একো নহয়। মায়া বিশ্বাস ভংগ হ'বলৈ নিদি দেউতাক প্ৰায় ছমাহৰ পাছত উভতি আহিছিল। কিন্তু তাই ভবাৰ দৰে নায়কৰ ৰূপত নহয়। ক্ষত বিক্ষত ঘূণীয়া শৰীৰটো  লৈ এজন পংগু মানুহ হৈ দেউতাক হোমালিনলৈ উভতি আহিছিল। আৰু তাৰ ঠিক কেইদিনমানৰ পাছতেই জাপানে বাৰ্মা দখল কৰি পেলাইছিল। 

এসময়ত মায়াৰ বাবে পৃথিৱীৰ সকলোতকৈ সাহসী আৰু বলী নায়কজন সিদিনাখন দূৰ্বল, অসমৰ্থ আৰু অসহায়  হৈ পৰি থকা দেখি তাই উৎকন্ঠিত হৈ পৰিছিল। দেউতাকে কোৱা মানুহক মাৰিবলৈ মানুহে কৰা যুদ্ধ নামৰ ভয়ংকৰ খেলৰ প্ৰতি তাই খুব ঘৃণা উপজিছিল। উপৰমুৱা হৈ শুই লৈ তাই তৰাভৰা আকাশখনৰ ফালে থৰ লাগি চাবলৈ  ধৰিছিল।  কেনেবাকৈ যদি দেউতাকৰ কিবা এটা হয় ইমান বোৰ তৰাৰ মাজত তাই তাইৰ মৰমৰ দেউতাকক কেনেকৈ বিচাৰি  উলিয়াব।  যিহেতু যুজঁত যুজি মৃত সৈনিকবোৰ আকাশত তৰা হোৱাৰ সুযোগ পাই তাইৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ একমাত্ৰ দেউতাকেই কাইলৈ দিব পাৰিব বুলি ভাবি মায়াই চকু দুটা জোৰ কৈ মুদি টোপনি যাবলৈ চেষ্টা কৰিছিল। 

ক্ৰমশঃ 

বি:দ্ৰ: মোৰ অচিৰেই প্ৰকাশ পাব লগীয়া ‘বন্দী চামুৰাই’ উপন্যাস খনৰ কিয়দাংশ আপোনাৰ মনোৰঞ্জনৰ বাবে প্ৰেৰণ কৰিলোঁ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)