অৰণ্যৰোদন ( ৫০ ) - নবীন চন্দ্ৰ মেধি

©Admin
0
নিৰ্মল কুমাৰে বন্ধু জনলৈ ফোন এটা লগালে । দৰমহা হ'ল নে ? হ'ল যদি কেইহাজাৰমান দিবিচোন । 

: হোৱা নাই অ’ । হ'লে পঠিয়াই দিম বাৰু । 

: কাইলৈৰ ভিতৰত পঠিয়াবিচোন । মোৰ মানে কিস্তি পৰিশোধ কৰিব লগা আছিল । এই মাহত বহুত অসুবিধা হৈছে । কোনো ফালে টকাৰ যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই । তোক লাহে লাহে পৰিশোধ কৰিম বাৰু । 

বন্ধু জনে টকা পঠিয়াব .গতিকে সেই টকাৰে আৰোহণ আৰু এল এন টিৰ কিস্তি পৰিশোধ কৰিম বুলি ভাবি আছে সি  । 

১০ তাৰিখ পালেহি । এতিয়ালৈকে বন্ধু জনে টকা পঠিওৱা নাছিল । ইফালে আৰোহণৰ ফালৰ পৰা ফোনৰ উপৰি ফোন আহিল । উপায় নাপাই বন্ধু জনলৈ ফোন লগালে  - 

 : টকা পঠিয়াচোন মোৰ মানে দিবলগীয়া হৈ আছে । বাৰে বাৰে ফোন কৰি আছে । 

অৱশেষত সি টকা পঠিয়ালে ।  মাত্ৰ পাঁচ হাজাৰ । খা বাপেকে । কাক ধাৰ মাৰ মাৰি থাক । ২৫,০০০ টকা বিচাৰিছিল দিলে মাত্ৰ পাঁচ হাজাৰ । ইয়াকে কয় পৰত আশ বনত বাস । পৰলৈ আশা কৰিলে এনে হয়েই । আৰোহণত ১৯৫০ টকা ধাৰ মাৰি এল এন টি ফাইনেন্সৰ ধাৰ মাৰিবলৈকে নোজোৰে । ৩৭৮৫ টকা লাগে এল এন টিৰ কিস্তি পৰিশোধ কৰিবলৈ । যি হওক আৰোহণৰ কিস্তি পৰিশোধ কৰি ল'লে । তাৰ পিছত এল এন টিৰ কিস্তি পৰিশোধ কৰিবলৈ আকৌ এজনৰ পৰা চাৰিশ টকা ধাৰ লৈ সিটো লেঠাও মাৰি ল'লে । ইফালে দিলে সিফালে নহয় । বাইদেউৱেকৰ ছোৱালীৰ বিয়াৰ বাবে নয়নৰ পৰা পাঁচ হাজাৰ টকা ধাৰে লৈছিল । আজি ১০ তাৰিখে এমাহ হ'ল । সুদে মুলে ঘুৰাব লাগে । বিপদৰ উপৰিও বিপদ । মুলধন নুঘুৰাই সুদটোকে দিবলৈও হাতত থকা টকা কেইটা শেষেই হ'ল । আকৌ ফোন লগালে অৰুণলৈ । দেচোন পাঁচ শ টকা অনলাইনতে । কাইলৈ তোক দি দিম । সি যেনিবা না নকৰিলে । কাৰণ তাৰ লগতে লেনদেন কৰি থাকে । 

অৱশেষত অৰুণৰ পৰা লোৱা টকা পাঁচশ লগে-লগে নয়নলৈ পঠিয়াই দিলে । আজিলৈ আজৰি । কাইলৈৰ চিন্তা কাইলৈ কৰিম । এনেদৰে আনৰ ওপৰত ভৰসা কৰি কৰি কিমান দিন আৰু বনত বাস কৰিম ! সোনকালে কিবা এটা উপায় বিচাৰি উলিয়াব নোৱাৰিলে অমুকাৰ জীৱন ৰসাতলে যাবলৈ সময় নালাগে । এনেয়েও ৰসাতললৈ গৈছেই । বি জে পি চৰকাৰৰ দিনত আৰু কিমান দূৰলৈ যোৱা সম্ভৱ ! চাকৰি বাকৰি এৰি এতিয়া দোকানী হ'ব লগা হ'ল । আৰু কিমান পৰিৱৰ্তন নাসাধে এইখন পৰিৱৰ্তনকামী চৰকাৰে ।

           ✍️ নবীন চন্দ্ৰ মেধি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)