অৰণ্যৰোদন ( ৪৯ ) - নবীন চন্দ্ৰ মেধি

©Admin
0
পৰহী দিনা গোৰ মাৰি পঠিওৱা চকীখন সি আজি ভঙা অৱস্থাত দেখা পাইছিল । যোৱাকালি ভৰিখনতো হয়তো সেয়ে বিষটো বেছিকৈ উঠিছিল । কাৰণ সেইখন ভৰিৰেই খঙতে গোৰ মাৰি পঠিয়াইছিল সি । কালি গোটেই দিনটো ভৰি খনত বেণ্ডেজ কাপোৰেৰে মেৰিয়াই থৈছিল । ডালিমীয়ে হাড় জোৰা লগোৱা দৰৱ এপালি খুন্দি কৰি লগাই দিয়াত দিনটো ঘৰতে পাৰ কৰিছিল ।  পিছবেলালৈ ভৰি খন খজুৱাবলৈ আৰম্ভ কৰিছিল আৰু সি বেণ্ডেজ খুলি পেলাইছিল । ৰাতি ভাত খোৱাৰ পাছত ঠিক ৯ বজাত হঠাতে হকহকাই তাৰ মুখৰ পৰা বমি ওলাই আহিছিল । কিয় বমি হ'ল সি ধৰিব পৰা নাছিল যদিও গাঁৱলীয়া দৰৱৰ পাৰ্শ্বক্ৰিয়া হোৱা বুলি ধৰি লৈছিল । 
পিছদিনাখন সি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ কথা ভাৱি আন এজনৰ সৈতে চুঙাজান ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৰাওনা হৈছিল । লগত লৈ গৈছিল এক্সৰে খনৰ লগতে ৰিপোৰ্ট । কিন্তু গাঁৱলীয়া ঠাইৰ স্বাস্থ্য কেন্দ্ৰলৈ ডাক্তৰ হয়তো সদায় নাহে । হয়তো কিবা অসুবিধাৰ বাবে অহা নাছিল নতুবা ছুটি লৈছিল । তথাপি কম্পাউণ্ডৰ ( ফাৰ্মেছিষ্ট ) গৰাকীক দেখুৱাই চালে । বিশেষ একো নাজানো হাড়ৰ ডাক্তৰক দেখুওৱাৰ কথা কৈ কেলচিয়াম টেবলেট দহটাৰ সতে বিষৰ টেবলেট দহটা দি পঠিয়াই দিলে । চিকিৎসালয়ৰ ওচৰতে এজন গাঁৱলীয়া ডাক্তৰ আছে । হাড় জোৰা লগোৱা দৰৱ বান্ধে । হাড় জোৰা লগোৱা দৰৱ বান্ধিবলৈ বহুত ঠাইৰ পৰা মানুহ আহে । পুতুল নামটো । সি আগতে দেখা নাই । তথাপিও ৰতন নামৰ লগত যোৱা বন্ধু জনৰ কথামতে সিহঁতৰ ঘৰলৈ সোমাই গৈছিল । মানুহজন ঘৰতে আছিল । সিহঁতে লগত লৈ যোৱা এক্সৰে খন দেখুৱালে । মানুহজনে চাই চিন্তি ক'লে তিনিটা আঙুলিৰ হাড় ফাটিছে । গতিকে দৰৱ বান্ধিব লাগিব । ফাৰ্মাছিৰ পৰা বেণ্ডেজ কাপোৰ প্লাষ্টাৰ আদি কিনি আনিবলৈ ক'লে । তিনিদিন তিনি পালি দৰৱ বান্ধিব লাগিব । এপালি দৰৱৰ দাম তিনিশ টকা । প্ৰায় এহেজাৰ টকা খৰচ হ'ব । 
সি চিন্তা কৰি চালে গাঁৱলীয়া ডাক্তৰৰো ইমান ডিমাণ্ড । কিবা যদি ওলট পালট হৈ যায় তেন্তে ৰিক্স কোনে ল'ব ? হাড় জোৰা লাগিলেও গেৰাণ্টি দিবনে ? নাই নাই এনেদৰে নহ'ব । সি হয় হওক সি দৰৱ নাবান্ধে । কিবা এটা বাহানা উলিয়াই কাইলৈ আহিম বুলি কৈ ঘৰলৈ ৰাওনা হৈছিল সি । 
তাৰ তেতিয়াৰ পৰা বেছি ভয় লগা হৈছিল যেতিয়া তাৰ তাৱৈয়েকে গাঁৱলীয়া দৰৱ খাই পাথৰ গলাব বিচাৰিছিল । শেষত গৈ পেটৰ ভিতৰত ঘা হৈ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল । বেমাৰ ধৰা পৰাৰ পিছত শৈল চিকিৎসা কৰাবলৈও সময় পাৰ হৈ গৈছিল । গুৱাহাটীৰ পৰা জি এন আৰ চি আৰু জি এম চিৰ ডাক্তৰে ঘুৰাই পঠিয়াইছিল । তাৰ দুসপ্তাহৰ পিছত তেখেতৰ মৃত্যু হৈছিল । গতিকে সেই ভুল কৰিবলৈ সি আগবাঢ়ি যাবলৈ টান পাইছিল । 

অৱশ্যে বাইক এক্সিডেণ্ট হোৱাৰ দুদিন পিছতে গাঁৱৰে দুজনমানে কোৱাত এগৰাকী আইতাৰ ওচৰলৈ গৈছিল ।  ভৰিত কচকা খাই দুখ পোৱা বুলি ভাৱি মালিচ কৰাবলৈ গৈ দেখিছিল মিঠাতেল জাৰি কৰি ভৰিত লগাইছিল । হাড় বা সিৰা উপৰা উপৰি হৈ আছে নেকি অলপ টানি শুনি দিব বুলি ভাবিছিল যদিও একো নকৰিলে । তেতিয়াই ভাবিছিল তন্ত্ৰ মন্ত্ৰৰে জাৰি ফুকি ভৰি ভাল কৰিব নোৱাৰে । গতিকে পিছদিনাখন সৰুপথাৰ পাইছিলগৈ । এক্সৰে কৰি ৰিপোৰ্ট লৈ অহাৰ পিছত সি নিশ্চিত হৈছিল ভৰিৰ হাড় ভঙা নাছিল যদিও তিনিটা আঙুলিৰ গুৰিত হাড় ফাটিছিল ।  কিন্তু টকাৰ অসুবিধাৰ বাবে প্লাষ্টাৰ কৰিবলৈ গোলাঘাটলৈ যোৱা নাছিল । 

অনলাইনত আৰোহণলৈ টকা পঠিয়াই  দুবাৰকৈ ঘুৰি আহিছিল তাৰ ।  কেইদিনমান আগতে মোবাইলৰ খালি ঠাই কম হোৱাত কেইবাটাও এপ্ কাটিবলগীয়া হোৱাত গুগল পে , পেটিএম আদি উৰুৱাই দিব লগা হৈছিল । এতিয়া পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই সি । গতিকে টকা অনলাইন পে কৰিবলৈ অসুবিধা হৈছিল । কম্পিউটাৰ কেন্দ্ৰৰ পৰা দুবাৰকৈ টকা পঠিয়াইয়ো ঘুৰি অহাত এইবাৰ সি নিজৰ একাউণটলৈ টকা ট্ৰেন্সফাৰ কৰাই ল'লে যাতে সি নিজে দিব পাৰে । কিন্তু সি পাহৰি গৈছিল সেইটো একাউণ্টৰ পৰা যে এল এন টি ফাইনেন্সৰ  মটৰচাইকেল খনৰ কিস্তি দিবলগীয়া হয়  । সি কিস্তি দিবলৈ চেষ্টা কৰি চালে । কিন্তু পৰ্যাপ্ত টকা নথকাৰ বাবে কিস্তি পৰিশোধ কৰিব পৰা নাই বুলি দেখুওৱাত সি জমা থকা টকাৰ পৰিমাণ চেক কৰি চালে । সি গম পালে টকা সোমোৱাৰ লগে লগেই তাৰ একাউণ্টৰ পৰা এল এন টিয়ে লগোৱা চেক বাউঞ্চ হোৱাৰ বাবে হাজাৰ বাৰ শ টকা কাটি দিলে । খা বাপেকে ভীমকলটো । সি আৰোহণৰ টকা পৰিশোধ নকৰাকৈয়ে ঘৰলৈ গুচি আহিছিল । ঘৰলৈ আহি মেনেজাৰলৈ ফোনতে মেচেজ পঠিয়ালে । তাৰ পিছত ফোন কৰিও কথাষাৰ জনালে । উপায় নাই আজি দিব নোৱাৰিম । আন এদিনহে পঠিয়াম আৰু বুলি ক'লে । দোষ তাৰ নহয় যিহেতু দুদিনকৈ টকা পঠিওৱাৰ পিছতো টকা ঘুৰি আহিছে সি কি কৰিব । সেই কাৰণেই কয় কেতিয়াবা হোটেলত অনলাইন পে কৰিবলৈ গৈ দিব নোৱাৰি বাচন ধুই থৈ আহিব লাগিব । 

আগলৈ ।
  ✍️ নবীন চন্দ্ৰ মেধি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)